পৃষ্ঠা:ৰামনিৰঞ্জনভকতিপ্ৰৱাহ.pdf/২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দিহা নামৰ সম্ভাৰ


শুদ্ধ ৰূপে নাম ধৰ্ম্ম প্ৰচাৰ কৰিলা।
শৰণ–ভজন দুই মালা ভকতক দিলা॥
তিনিসন্ধ্যা গুৰু সেৱা কৰে যিটোজন।
গুৰু কৃপাহন্তে তত্ব মিলয় সিজন।
অশেষত আছে গুৰু সংসাৰ ভিতৰ।
নামদাতা গুৰু সবাসাতে শ্ৰেষ্ঠতৰ॥
সংসাৰ সাগৰ মাজে গুৰুসে কাণ্ডাৰ।
গুৰুৱে কৰিব পাৰে সংসাৰৰ পাৰ॥
সংসাৰত যাত হন্তে লভয় জনম।
আদ্য গুৰু পিতৃ সিটো পূজনী উত্তম॥
গুণৱন্ত সন্ত অতি শুদ্ধ দ্বিজোত্তম।
সদ্‌-কৰ্ম্মশালী মহা বেদজ্ঞ পৰম॥
যজ্ঞ-সূত্ৰ লৈয়া তান্তে বেদ অভ্যাসয়।
ইহাক দ্বিতীয় গুৰু বোলায় নিশ্চয়॥
যিটোজনে ভকতি জ্ঞানক দান তৰে।
তাঙ্ক সেৱা কৰি সিটো সংসাৰক তৰে॥
এতেকে সেহিসে বুদ্ধিমন্ত নৰোত্তম।
জগতত আন আৰু নাহি তাৰ সম॥
ভক্তিজ্ঞান দাতা গুৰু বিনে সেব্য নাই।
কহিলোহোঁ প্ৰতি প্ৰতি তোমত বুজাই॥
উত্তম গুৰুৰ পাৰে কৰোক ভকতি।
তেবেসে তৰিব ঘোৰ সংসাৰ দুৰ্গতি॥

.............

১০| ঘোষা:-
সুমধুৰ সুৰেৰে   শ্ৰীমন্ত শংকৰে
 নামেৰে গাঠিলে মালা।

(১৮)