পৃষ্ঠা:ৰামনিৰঞ্জনভকতিপ্ৰৱাহ.pdf/১৯০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দিহা নামৰ সম্ভাৰ


হেন জানি নৰ  কৃষ্ণৰ চৰণ।
 মধুপিয়া কৰ্ণ ভৰি।
কৃষ্ণ বিনে ত্ৰাণ  কোন আছে আন
 ডাকি বোলা হৰি হৰি॥

৯৬। মূল ঘোষাঃ-

দেহা নামঘৰে  হৃদয় মণিকুটে
 প্ৰকাশন্ত নাৰায়ণ।
যিটো জানে তত্ব  দেখয় হিয়াত
 তীৰ্থে নাই প্ৰয়োজন।

পদঃ-

নামঘৰ সভাঘৰ  দেখোতে মনোহৰ
 বৈকুণ্ঠপুৰ সমান।
কোটি সূৰ্য সম প্ৰকাশ কৰয়।
 কৃষ্ণৰ ৰহস্য থান॥
ৰত্নৰ মন্দিৰ স্তম্ভ বৈদুৰ্যৰ
 পদ্ম ৰাগে ৰত্নে চটি।
প্ৰবাল বাসৰে  জলমল কৰে
 হৰিমন্দিৰৰ জ্যোতি॥
কাটিলা জিঞ্জিৰি  শুদ্ধ সূৱৰ্ণৰ
 ফটিক লগায়া বাৰ।
চিকিমিকি কৰে হীৰাৰ দুৱাৰে।
 মানিক কপাট তাৰ॥
মুকুতা মুৰাৰী চন্দ্ৰতাপ আঁৰি
 জ্বলায়া ধৰ্ম্মৰ বন্তি।
বৈকুণ্ঠ সম্পদ  ৰশ্মিয়ে ৰঞ্জিত
 হৰিৰ গৃহৰ কান্তি॥

(১৮১)