পৃষ্ঠা:ৰামনিৰঞ্জনভকতিপ্ৰৱাহ.pdf/১৮৯

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দিহা নামৰ সম্ভাৰ


উৰণ বুৰণ  গজন ভ্ৰমণ
 এহি চাৰিমুঠি জীৱ।
সবাৰো হৃদত  আত্মৰূপে আছে
 পূৰ্ণব্ৰহ্ম সদাশিৱ॥
মনুষ্যৰ জন্ম  সবাহান্তে শ্ৰেষ্ঠ
 দিব্য জ্ঞান আছে পাই।
পৰম মঙ্গল  হৰিৰ নামক
 সততে ফুৰিবা গাই॥
মৰণ জীৱন সকলেসে ভ্ৰম
 সুখ দুখ যত ভাৱে।
দেখে আত্মাপৰ  অবিদ্যা ভিতৰ
 অজ্ঞান নুগুচে যাৱে।
দেহৰ লগত   আত্মাৰ মৰণ
 কহে অজ্ঞানৰ প্ৰায়।
ব্যাপক আত্মাক পৰিচ্ছেদ কৰে
 যাৰ আদি অন্ত নাই॥
মন ইন্দ্ৰি প্ৰাণ  সমস্তে থাকয়
 অৱস্থাহে দুৰ যায়।
আতো সেহিমতে  শৰীৰসে নষ্ট
 আত্মাৰ বিনাশ নাই॥
জীৱৰ মৰণ কহে যিটো জন
 সবে মিছ মহাভাগ।
কৰ্ম্মৰ সংস্কাৰে  আন দেহ লবে
 পূৰ্বদেহ কৰি ত্যাগ।

(১৮০)