পৃষ্ঠা:ৰামনিৰঞ্জনভকতিপ্ৰৱাহ.pdf/১৯১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দিহা নামৰ সম্ভাৰ


ৰতনে ৰচিত সুবৰ্ণ মচিত
 থাপি ৰত্ন সিংহাসন।
ৰত্ন আসনতে  পৰম আনন্দে
 প্ৰকাশন্ত নাৰায়ণ॥
মৌক্তিক ছত্ৰক ধৰি দুইকাষে
 ধৱল চামৰে বিচে।
সঘনে সুৰভি  সুশীতল বায়ু
 সুগন্ধি কুসুম সিছে॥
কোটি বন্দপৰ্ক  জিনিয়া বিৰাজে
 প্ৰভূৰ ৰূপ বিপুল।
চৈতন্য স্বৰূপে  প্ৰকাশ কৰয়
 জগতৰ আদি মূল॥
হেনয় আনন্দ  মূৰ্ত্তিক নিৰেক্ষি
 একান্ত ভকতি ভাৱে।
ৰাতুল অভয় চৰণ দুখানি
 উপাসান্ত লক্ষ্মীমাৱে॥

ভাঙনি ঘোষাঃ-

নামঘৰত নামৰ নদী বোৱালে শঙ্কৰে।
তাতে বহি নাম লয় ভকত বান্ধৱে॥

পদঃ—

ভকততে পৰে শ্ৰেষ্ঠ কতো নাই নাই।
হৰি যাৰ পাছে পাছে ফুৰন্ত সদাই॥
ভক্তি কৰিবাক লাগে ভকত জনত।
ভক্তিসে তৰাইবে ইটো ঘোৰ সংসাৰত॥
ভকতক ভজিলেহে বুজিব ভজন।
আগে বন্দে পাছে নিন্দে পৰম দুৰ্জ্জন॥
ভকতক ভজিলেহে বুলিব ভকতি।

(১৮২)