পৃষ্ঠা:ৰামনিৰঞ্জনভকতিপ্ৰৱাহ.pdf/১৮৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দিহা নামৰ সম্ভাৰ


ইটো মহাপাপী  বিপ্ৰক নোহন্তে
 কিসক বাধিলা আসি॥
হেন শুনি হাসি  চাৰি বিষ্ণু দুতে
 দিলন্ত পাছে উত্তৰ।
কোন পাপ পুণ্য  একো নজানয়
 শুনৰে যম কিঙ্কৰ॥
মৰিবাক বেলা  ইটো অজামিলে
 নাৰায়ণ নাম লৈলে।
কোটি জনমৰ  যত মহাপাপ
 তাৰ প্ৰায়চিত্ত ভৈলে॥
সংসাৰত যত  আনো অসংখ্যাত
 আছে মহাপাপী গণ।
সৱাৰো এহিসে  মুখ্যপ্ৰায়চিত্ত
 হৰিৰ নাম কীৰ্ত্তন।
মাধৱৰ মতি  হোৱে তাক প্ৰতি
 যিফুৰে নাম সুমৰি।
ইটো মোৰ দাস   নছাৰন্ত পাশ
 ৰাখিয়া ফুৰন্ত হৰি॥
হৰিত ভকতি  কৰে সৰ্ব্বদায়ে
 কৰিয়া কীৰ্তন কৰ্ম্ম।
মনুষ্য লোকত  এহিমানে মাত্ৰ
 পুৰুষৰ শ্ৰেষ্ঠ ধৰ্ম্ম॥
হৰিনাম ধৰ্ম্ম  স্মৰণ মহিমা
 দেখিয়ে দুত সম্প্ৰতি।
পাপী অজামিলে  নাৰায়ণ বুলি
 পাইবে পৰম গতি॥

(১৭৯)