পৃষ্ঠা:ৰামনিৰঞ্জনভকতিপ্ৰৱাহ.pdf/১৭৪

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দিহা নামৰ সম্ভাৰ


তাৰ পাছ লাগি ফুৰে যত দেৱ
 শুনাকহো নাম তাৰ॥
ইন্দ্ৰ চন্দ্ৰ সূৰ্য  কুবেৰ বৰুণ
 বায়ু বহ্নি প্ৰজাপতি।
কমলা কাৰ্তিক চণ্ডিকা শঙ্কৰ
 গণেশ্বৰ সৰস্বতী॥
অশ্বিনী কুমাৰ ধৰ্ম্ম যমৰায়
 আন যতদেৱ আছে।
শুদ্ধ হওঁ বুলি  সদায়ে ভ্ৰমন্ত
 ভকতৰ পাছে পাছে॥
তৰ্ক বেদাগম  জ্ঞানযোগ শাস্ত্ৰে।
 পুৰুষক কৰে অন্ধ।
কোটি কোটি জন্মে মোক নজানিবে
 ইহাত যাৰ প্ৰবন্ধ।
আন দেব ধৰ্ম্ম  সবে মায়াময়
 জানিয়া তেজিয়ো তাক।
মোক বেদ মন্ত্ৰ  যেন স্তুতি কৰে
 শুনা সখি বেদবাক॥

.....................

৮৯। মূল ঘোষাঃ—

পলাল বনমালী ভাণ্ড ভাঙি থৈ।
গোপালক বান্ধিলে মাতৃ গৰু পঘালৈ॥
ভকতিত হুয়া তুষ্ট ভকত বৎসল।
দিলন্ত মুকুতি কৃষ্ণে অৰ্জ্জুণ-যমল॥

পদঃ-

 নযাইবি-নযাইবি কানু গোৱালীৰ পাৰ।
কতনো শুনিম মই তোমাৰ জগৰ॥

(১৬৫)