পৃষ্ঠা:ৰামনিৰঞ্জনভকতিপ্ৰৱাহ.pdf/১৭৩

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দিহা নামৰ সম্ভাৰ


বেদৰ ৰহস্য  ভাগৱত ধৰ্ম্ম
  নিবান্ধিয়া থৈলো পুনু।
মূৰ্খতো অধিক  কৰি আৱে তই
  মোক বোল জড় কানু॥
অসুৰৰ ভয়ে  পূৰ্বে দেবগণে
  চিন্তিলো গৈয়া আমাক।
চতুৰ্ভূজ ৰূপে  আসি তাবক্ষণে
  দেখা দিলো তাসাম্বাক॥
মোৰ ৰূপ দেখি  চমক লাগিল
 ত্ৰিদশে পৰিল ঢলি।
আবে তই মোক   বিগুটিয়া মাত
 কলিয়া কলিয়া বুলি॥
ভকত লক্ষণ  পৰম ৰহস্য
 নাহিকে জানন্তা তাক।
জ্ঞানী মুনিমানে কেহো নজানয়
 মঞি মাত্ৰ জানো তাক॥
মালমতি আক শুনিয়ো নুবজে
 মোত নাহিতাৰ বুদ্ধি।
প্ৰথমতে মোক  একচিত্ত কৰি
 তুমি হৈবা মহাশুদ্ধি।
জগত ব্যাপক নিৰ্মল পুৰুষ
 মোতে আছে যত লোক।
চিদানন্দময়{{gap|3em}মই নিৰঞ্জন
 জানিয়া স্মৰিয়ো মোক।
যত তীৰ্থদেৱ সবাকো পবিত্ৰ
 ভকতে কৰে আমাৰ।

(১৬৪)