পৃষ্ঠা:ৰামনিৰঞ্জনভকতিপ্ৰৱাহ.pdf/১৭৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দিহা নামৰ সম্ভাৰ


কেহোঁ বোলে চুৰি কৰি খাৱল-লবনী।
সব দধি দুগ্ধ খাইল বোলে কেহোঁজনী।
কেহোঁ বোলে ভাঙিলে যতেক মোৰ ভাণ্ড।
এখন বয়সে তুমি ওত মান চাণ্ড॥
মোৰ ঘৰে দধি দুগ্ধ লবণুকে আদি।
প্ৰতিদিনে বোৱাইবাক পাৰৰ নদ-নদী॥
তথাপি নোজোৰে কানু খাইবাক তোমাৰে।
চুৰি কৰিবাক যায় গোৱালীৰ ঘৰে॥
নানান সুৰস কৰি নানান বাসৰে।
যতন কৰিয়া থওঁ খাইবাক তোমাৰে॥
যত পাৰমানে খায়ে পেট ভৰি ভৰি।
দুখীয়া ছৱাল যেন ফুৰা চুৰি কৰি॥
পলাই যাবে বনমালী ভাণ্ড ডাঙি থৈ।
যশোদাই বান্ধি থবো ভক্তিজৰি লৈ॥
অনন্ত ব্ৰহ্মাণ্ড পতি হইয়া আপুনে।
ধৰিলা লৱণু চোৰ নাম কিবা গুণে॥
ব্ৰহ্মা হৰে আৰাধে যাহাঁৰ দুই পাৱ।
হেন তুমি লৱণু মাগা গোৱালীৰ ঠাৱ॥
কাল মায়া কাম্পে যাৰ নাম সুমৰনে।
যশোদাৰ ভয়ে তুমি কম্পা কিকাৰণে॥

ভাঙনি ঘোষাঃ-

গকুলৰ লীলা এৰি আহাঁ মথুৰালৈ।
বাসুদেৱ-দৈৱকী কান্দে তযু নামলৈ॥

পদঃ-

বন্ধন শালত পৰি আচন্ত দৈৱকী।
আকাশৰ দেৱগণে কৰিলন্ত স্তুতি।
দৈৱকী জননী ভয় নকৰিবা মনে।
তোমাৰ গৰ্ভে জাত লৈছে দেৱ-নাৰায়ণে॥

(১৬৬)