পৃষ্ঠা:ৰামনিৰঞ্জনভকতিপ্ৰৱাহ.pdf/১৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দিহা নামৰ সম্ভাৰ


নিজ অহঙ্কাৰে তল গৈলো প্ৰভূ আমি।
পৰীক্ষা নকৰা তযু ভৃত্য বুলি জানি॥
আমি অজ্ঞানীৰ যত দোষ ক্ষমিয়োক।
তযু ৰস দানে ক্ৰীড়া পুনঃ কৰিয়োক॥
হৃদয়ৰ বাসনা প্ৰভূ আমি গোপীকাৰ।
সঙ্গ দান দিয়া দূৰ কৰা নৰেশ্বৰ॥
কৰ্ম্ম-বন্ধ এৰাই কৰে তোমাৰ ভকতি।
নিজ স্বামীৰূপে দিয়ে এহি মতি॥
ভকতৰ দেখা কেনে ঈশ্বৰতে প্ৰাণ।
বোলা হৰি হৰি তেজি আন যত কাম॥
৮৭। মূল ঘোষাঃ-
দুৰাচাৰী কংসে অজুক আদেশিলা।
আনি দিয়া প্ৰাণবৈৰী কৃষ্ণ নন্দ লালা॥
মহামতি অক্ৰুৰ শুনিয়া আনন্দিত।
কৃষ্ণ-দৰশনে হৈব জীৱন মন্দিত॥
পদঃ-  অক্ৰুৰক পাঞ্চিলা কংস নিজে নাহা।
কৃষ্ণক আনিবে তুমি গকুলক যাহা॥
শিশু হন্তে তোমাৰ আমাৰে মিত্ৰ আতি।
ইটো কাৰ্য সাধি মোক দিয়ো দান পতি॥
শুনি দানপতিৰ আনন্দ ভৈলা আতি।
প্ৰভাতে লৰিলা মথুৰাত বাঞ্চি ৰাতি॥
কৃষ্ণক দেখিবো আজি কিনো সু-প্ৰভাত।
জানিলো প্ৰসন্ন ভৈলা বিধাতা আমাত॥
নয়নে দেখিবো মই চৰণ কমল।
আজিসে জন্মৰ মোৰ হৈবেক সম্ফল॥

(১৬১)