পৃষ্ঠা:ৰামনিৰঞ্জনভকতিপ্ৰৱাহ.pdf/১৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দিহা নামৰ সম্ভাৰ


দণ্ডৱতে পৰিবোহোঁ কৃষ্ণৰ চৰণে।
কৃষ্ণে মোক আশ্বাসিবে মধুৰ বচনে।
খুড়া বুলি কৃষ্ণে মোক কৰিবে আহ্লাদ।
ব্ৰহ্মৰ দুৰ্ল্লভ তেবে লভিবো প্ৰসাদ॥
হেন মনে গুণি ৰথে লৰিলা অক্ৰুৰ।
গোধুলিকা বেলাত পশিলা গোপ পুৰ॥
মাধৱৰ খোজচয় দেখিলা ভূমিত।
ধ্বজ-ব্ৰজ-পঙ্কজ অঙ্কুশ-সুশোভিত।
পাইলো পাইলো হৰি পদ পঙ্কজৰ ধূলি।
ব্ৰহ্মাহৰে শিৰে লৱে শুদ্ধ হওঁ বুলি।
ৰথ–হন্তে নামি বেগে কৃষ্ণ কৃষ্ণ বুলি।
শিৰে আনি সাধিলা খোজৰ যত ধূলি।
পাছে গৈয়া কৃষ্ণক দেখিলা আনন্দতে।
কৃষ্ণ কৃষ্ণ বুলিয়া পৰিলা দণ্ডৱতে॥
কৃষ্ণে ধৰিলন্ত তাঙ্ক আঙ্কোৱালী তুলি।
সৎকাৰ কৰিলা অক্ৰুৰক খুড়া বুলি॥
অক্ৰুৰে ভকতি পথে যতেক বাঞ্চিলা।
কৃষ্ণে তান সবে মনোৰথক পুৰিলা॥
কহিলন্ত অক্ৰুৰে কংসৰ বিচেষ্টাক।
মথুৰাক যাইবাৰ সাজিল গোপজাক॥
দেখা কেনে অভকতে নিজ নাশ মাতে।
ভকতে ভকতি কৰি নিজ কাৰ্য সাধে॥
হেন জানি সাধুজন ভকতি কৰা সাৰ।
কৰ্ম্মবন্ধ ছিঙি হোৱা সংসাৰৰ পাৰ॥
কেৱলে ভকতি তৰে বিষয়-জঞ্জাল।
শুদ্ধ চিত্তে লোৱা নাম এৰি আল-জাল।
যিহেতু কৃষ্ণসে মাত্ৰ সৰ্বোত্তম দেব।
তাহাৰ চৰণমাত্ৰ সদাকৰো সেৱ ||

(১৬২)