পৃষ্ঠা:ৰামনিৰঞ্জনভকতিপ্ৰৱাহ.pdf/১৬৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দিহা নামৰ সম্ভাৰ


৮৬। মূল ঘোষাঃ—
হৰি গ'ল কোনস্থানে কোনেও নাজানে।
হাততে হেৰাল হৰি বিচাৰয় বনে॥
নপান্ত হৰিক একোজনে অঙ্গভাবে।
গৰ্ৱশূণ্য হুয়া ভক্তি নকৰয় মানে॥
পদঃ-  ৰূপে বিনন্দীয়া শ্যাম গৈল কোন ঠাই।
গোবিন্দৰ বিনে আৰ বান্ধৱ নাই॥
কৈক গৈলা ঐ শ্যাম আমাক এৰিয়া।
নিশ্চয়ে জানিলো তোমাৰ নিদাৰুণ হিয়া॥
কৈত এৰি গৈলা প্ৰভূ গোপী প্ৰাণ ধন।
আনিলা নিশাতে মাতি কৰিলা বৰ্জন।
এৰিলা বনতে প্ৰভূ বনতে হেৰালা।
দাসীৰ হিয়াত প্ৰভূ অগনি জ্বলালা।
কিনো দোষ আচৰিলো নপৰশে মনে।
অনাচাৰি তিৰি দেখি এৰি গৈলা বনে।
কাহাক দুখিম প্ৰভূ অভাগী কপাল।
হিয়াৰ বিষাদ প্ৰভূ গুচায়ো গোপাল॥
যিটো বনে বিচাৰিলো সিটো বনে নাই।
কৰ্মদোষে হেৰুৱালো জানিলো গোসাঁই॥
বৃন্দাবনৰ মাজে প্ৰভূ আছিলা লুকাই।
তেবেসে গোপীনি কান্দে বিচাৰি নাপাই॥
বিচাৰিলো বিচাৰিলো অনেক প্ৰবন্ধে।
পাইলো গৈয়া তযু পাদ তুলসীৰ গন্ধে॥
তযু কৃপাই পাইলো প্ৰভূ চৰণৰ ধূলি।
ব্ৰহ্মা-হৰে শিৰে ধৰে শুদ্ধ হওঁ বুলি॥
নবাঞ্চিবা দুনাই প্ৰভূ ধৰো চৰণত।
অনুতাপে দহি আছে আমি গোপী যত॥

(১৬০)