পৃষ্ঠা:ৰামনিৰঞ্জনভকতিপ্ৰৱাহ.pdf/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দিহা নামৰ সম্ভাৰ

৪।মূল ঘোষা:-
 অ’ গুৰু শ্ৰীমন্ত শঙ্কৰ।
মাধৱক লগে লৈ   মেলিলা পানচৈ
 অ' গুৰু ভক্তি সৰোবৰ॥

পদ:-
জয় গুৰু শঙ্কৰ   সৰ্ব্ব গুণাকৰ
 যাক এৰি নাহিকে উপাম,
তোহৰি চৰণক  ৰেণু শতকোটি
 বাৰেক কৰোহোঁ প্ৰণাম॥
দৰশিত সুন্দৰ  গৌৰ কলেৱৰ
 যৈচন সুৰ পৰকাশ,
সকলে সভাসদ   ৰঞ্জন যাকেৰি
 দৰশনে পাপ বিনাশ।
বিনে অংগভূষণ  পেশী সুশোভন
 গহীন গম্ভীৰ ধীৰমতি,
আয়ত কমল  নয়ন বৰ সুন্দৰ
 বয়নে চান্দকহো জ্যোতি॥
লীলা গজ গতি  গমন বিলোকন
 বাণী মেঘ গম্ভীৰ,
পাষণ্ড মৰ্দ্দন  কলিকো কালে
 যাকু সম নাহি ধীৰ॥
সোহি নাৰায়ণ  মায়া বিস্তাৰি
 ত্ৰিজগত কৰো নিৰ্মাণ,
সনক সনাতন  যোগী যাকেৰি
 মহিমা কবোহোঁ নজান॥
সকল চৰাচৰ  পালন কাৰি
 যো হৰি দেবকো দেবা,

(৬)