পৃষ্ঠা:ৰামনিৰঞ্জনভকতিপ্ৰৱাহ.pdf/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দিহা নামৰ সম্ভাৰ


উত্তম গুৰুৰ কথা শুনা কৰ্ণ পাতি,
ভক্তি জ্ঞানদাতা গুৰু বিনে সেব্য নাই,
কহিলোহোঁ প্ৰতি প্ৰতি তোমাত বুজাই॥
এহি হেতু জানিবাহা ধৰ্ম্ম নাহি আন,
গুৰুৰেসে সেৱা যত ধৰ্ম্মতে প্ৰধান,
উত্তম গুৰুৰ পাৱে কৰোক ভকতি
তেবেসে তৰিব ঘোৰ সংসাৰ দুৰ্গতি॥
অ' হৰি অ' অ' অ' হৰি' নাৰায়ণ......
(খৰ চাপৰি) ৰাম হৰি অ'.....অ' অ' হৰি ৰাম নাৰায়ণ,

পদ:-
বেদৰ ৰহস্য তত্ব সকলে জানন্ত
কৃষ্ণক ভকতি বলে সাক্ষাত কৰন্ত,
এহেন্তে উত্তম গুৰু কহিলো সম্প্ৰতি
ইহাৰেসে উপদেশে শুদ্ধ হোৱে মতি॥
শাস্ত্ৰক জানয় যদি নুহিকে ভকত
তাৰ উপদেশে বোধ নুপজে লোকত,
যদি বা ভকত হোৱে শাস্ত্ৰ নজানয়
নপাৰে খণ্ডিতে সিটো শিষ্যৰ সংশয়॥
জ্ঞান দাতা গুৰু বিনে সেব্য নাহি আন
গুৰু সেৱা বিনে ধৰ্ম্ম নাহিকে প্ৰধান,
সংসাৰক তাৰে গুৰু চৰণ সেৱাই
হেন জানি গুৰু সেৱা কৰিও সদায়॥
শুনিলাহা সবে গুৰু-সেৱাৰ মহত্ব
জানিয়া গুৰুৰ সেৱা কৰিয়ো সতত,
কলিৰ প্ৰধান ধৰ্ম্ম কৃষ্ণ গুণ নাম
জানিয়া সদা সবে বোলা ৰাম ৰাম।

.................