পৃষ্ঠা:ৰামনিৰঞ্জনভকতিপ্ৰৱাহ.pdf/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দিহা নামৰ সম্ভাৰ

চতুৰ বয়ন শিৱ  সুৰপতি যাকেৰি
 কৰো নিতে চৰণহি সেৱা॥

(খৰ চাপৰিসহ একেফাকি ঘোষা)

পদ:-
চাৰি বেদ  শিৰোমণি মাজে
 যাকেৰি চৰণ বিকাশ,
সোহি দেৱকো  কয়লি কলিকো
 শঙ্কৰদেৱ পৰকাশ॥
ত্ৰিভুবন বন্দন  দৈৱকী নন্দন
 যোহৰি মাৰল কংস
জগজন তাৰণ  দেৱ নাৰায়ণ
 শঙ্কৰ তাক এৰি অংশ॥
মায়া নৰতনু  ধৰি হৰি ভকতি
 কয়লি বহু পৰচাৰ,
সব নৰ পাপ  পয়োধি মজ্জল
 তাহে কয়লি উদ্ধাৰ॥
পণ্ডিত মানী  বেদ বখানি
 গৰৱ কয়লি সব চুৰ,
গীত কবিত্ব গুণ  শঙ্কৰ দেৱৰ
 কীৰিতি গৈয়ো বহু দূৰ॥
শ্ৰীযশ দান  মান ভূত দায়া
 সবগুণসম্পন্ন ঠিক,
ভকতক ভকতি  দানে কৰো গুৰু
 দায়া তনয় আধিক।
কি কবহু শঙ্কৰ  দেৱৰ মহিমা
 জানি জ্ঞানী অন্ত পাই,

(৭)