পৃষ্ঠা:ৰামনিৰঞ্জনভকতিপ্ৰৱাহ.pdf/১৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দিহা নামৰ সম্ভাৰ


যাৰ প্ৰতিবিম্ব সদা লাগিছে মনত॥
ইটো মন অৰ্পি কৃষ্ণে সংসাৰক তৰা।
একান্ত ভক্তৰ পদ সদা অনুসৰা॥
হেন জানি নিৰন্তৰে এৰি আন কাম।
পাতক চাবোক ডাকি বোলা ৰাম ৰাম॥

.....................

৭৫। মূল ঘোষাঃ-

তযু ভকতৰ প্ৰাণ প্ৰভূ জনাৰ্দ্দন।
শ্বেত ছত্ৰ দিয়া ৰক্ষা কৰা সৰ্ব্বক্ষণ॥
দশ অৱতাৰে আসি নিজে নাৰায়ণ।
পৃথিৱীৰ মহাভাৰ কৰিলা হৰণ॥

পদঃ-

মৎস্য ৰূপ ধৰি হৰি মৎস্য ৰূপ ধৰি।
প্ৰলয়ৰ বেদে জল আনিলা উদ্ধাৰি॥
কুৰ্ম্মৰূপ ধৰি হৰি কুৰ্ম্ম ৰূপ ধৰি।
সাগৰ মথাইলা প্ৰভূ মন্দৰক ধৰি॥
বৰাহ-ৰূপ ধৰি হৰি বৰাহ-ৰূপ ধৰি।
দন্ত অগ্ৰে পৃথিৱীৰ আনিলা উদ্ধাৰি॥
নৃসিংহ মুৰাৰী ৰূপে তুমি অৱতৰি।
হিৰণ্যক বধিলা নখে হিয়া ছিৰি॥
বামন স্বৰূপে অদিতিৰ বাক্য ধৰি।
বলিক চলিলা ভূমি ত্ৰিপদ বিচাৰি॥
পশু ৰাম ৰূপ ধৰি নিজে তুমি হৰি।
নিক্ষত্ৰীয় কৰিলা সমস্ত বসুন্ধৰি॥
ৰাম ৰূপ ধৰি প্ৰভূ অনন্ত মুৰাৰী।
ৰাৱনক বধি সীতা আনিলা উদ্ধাৰি॥
বলৰাম ৰূপ ধৰিলাহা তুমি হৰি।
দুষ্টক বিনাশী প্ৰভূ গৈলা নিজ পুৰী॥

(১৩৯)