পৃষ্ঠা:ৰামনিৰঞ্জনভকতিপ্ৰৱাহ.pdf/১৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দিহা নামৰ সম্ভাৰ

বুদ্ধৰূপে অৱতাৰ ভৈলা তুমি হৰি।
বেদ পথ পৰিহৰি আছা সত্য ধৰি॥
কল্কি ৰূপ ধৰি প্ৰভূ কল্কিৰূপ ধৰি।
সংহাৰিলা ম্লেছক হাতে খাণ্ডা ধৰি॥
পূৰ্ণ কৃষ্ণৰূপে অৱতাৰ লক্ষ্মী পতি।
সৰ্ব্ব অৱতাৰৰ কাৰণ যদুপতি॥
কলিত শঙ্কৰৰূপে ভৈলা অৱতাৰ।
অমূল্য ৰতন নাম কৰিলা প্ৰচাৰ॥
ৰাম নামৰ নদীখনি ভক্তি তাৰ সোঁত।
শঙ্কৰদেৱে দিলে আনি এহি মৰতত॥
বৈকুণ্ঠৰ কল্পতৰু যাৰ ফল নাম।
শুদ্ধচিত্তে লৈলে ভাইহোৱে পূৰ্ণ কাম।
হেন জানি নিৰন্তৰে এৰি যত কাম।
মুকুতিৰ পদে ডাকি বোলা ৰাম ৰাম॥

......................

৭৬। মূল ঘোষাঃ-

দশটা ইন্দ্ৰিয়  ভৈল দশপাৰ
 জীৱক মেৰিয়াই ৰাখে।
সাৰথি ঈশ্বৰ  কৰিব উদ্ধাৰ
 পশিলে তযু চৰণে॥

পদঃ-

জগতকে যিটো  দেখে ব্ৰহ্মময়
 জ্ঞানীগণ মধ্যে খ্যাত।
ঈশ্বৰ মূৰুতি  কৃষ্ণক নেদেখে
 ধ্যানতো সিটো সাক্ষাত॥
হেন মাধৱক  বান্ধৱ মানিয়া
 মুখে পদ্ম দেখি নিতে।

(১৪০)