তোমাৰ ভকতি তেজিয়া কুমতি
বিষয় গৰল খাইলো॥
কতনো দুখিত কৰো প্ৰতিনিত
কোনে তাক সীমা কৰে।
একদিন আসি গলে দিয়া ফাঁচি
নিবেক যম কিঙ্কৰে॥
ভাঙনি ঘোষাঃ-
জীৱ আত্মা পৰম আত্মা দুয়ো ককাই ভাই
একেলগে থাকে দুয়ো চিনা জনা নাই॥
পদঃ-
এক গুটি গৃহ মধ্যে চৌধ্য গুটি গৰু।
মন হইলে গৰখীয়া চিত্ত হইলে লৰু॥
মন আগে বুদ্ধি পাছেগৰু নিয়ে মেলি।
পৰ শস্যত গৰু মেলি হাঁহে খলখলি॥
পৰ শস্যত গৰু মেলি মনে আছে চাই।
দশ ইন্দ্ৰই ভোগ কৰে জীৱত লাগে দায়॥
ধনতে কৰিলো আশা সিও থাকিল পৰি।
পুত্ৰ ভাৰ্যা কৰে আশা লগে নাযায় চলি।
দেহাতে কৰিলো আশা পুৰি কৰে ছাই।
পাপ কৰো পূণ্য কৰে লগে চলি যায়॥
তযু পদ স্মৰণে মনৰ মল হৰে।
পাদোদক গঙ্গাৱে বাহিৰ শুদ্ধি কৰে॥
ইটো তত্ব নজানিয়া ইন্দ্ৰিয়ভোগ কৰে।
বুদ্ধি ভ্ৰান্ট হুয়া চিৰ পাপে বেঢ়ি ধৰে॥
মনে পাপ মনে পূণ্য মনেসে নৰক।
মন সমে কায় অৰ্পণ কৰা ঈশ্বৰক॥
ঈশ্বৰেসে আছৈ ইটো দেহৰ মধ্যত।
(১৩৮)