পৃষ্ঠা:ৰামনিৰঞ্জনভকতিপ্ৰৱাহ.pdf/১৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দিহা নামৰ সম্ভাৰ


পঞ্চভূত দেহে পৰি আছো মই
 বন্দি হুয়া চিৰকাল।
ইটো দেহে যাক  বান্ধিৱে নপাৰে
 প্ৰণামো হেন কৃপাল॥
ঈশ্বৰ কৃষ্ণক  প্ৰণাম কৰিবে
 ইহাক কিবা লাগয়॥
যদি বোলা ইটো  অজ্ঞান বন্দন
 জ্ঞানতেসে নিবৰ্ত্তয়॥
পদ জঙঘা উৰু  সমান সুচাৰু
 অনুন্নত জানু দুই।
ইসৱ সুন্দৰ  সঙ্গে কলেবৰ
 আছে দৰ্শনীয় হুই॥
শৰত কালৰ  পঙ্কজ পত্ৰৰ
 সমসৰ নৱ কান্তি।
তাতে নখচয়  অধিক জ্বলয়
 যেন চন্দ্ৰমাৰ কান্তি।
ভকত জনৰ  মহাভয় হৰ
 যিটো ৰূপ মনোহৰ।
দিয়া দূৰশন  প্ৰভূ নাৰায়ন
 পৰিয়ো বাঞ্চা মনৰ॥
যিটো অজ্ঞচয়  একো নজানয়
 তাসম্বাক কৃপা কৰি।
দেখায়োক পথ  পুৰি মনোৰম
 গুৰুৰূপে তুমি হৰি॥
কত পুণ্য কৰি  নৰতনু ধৰি
 বৃথা যে তাক গোৱাইলো।

(১৩৭)