পৃষ্ঠা:ৰামনিৰঞ্জনভকতিপ্ৰৱাহ.pdf/১৪৫

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দিহা নামৰ সম্ভাৰ


শঙ্খ, চক্ৰ, গদা পদ্ম চাৰি অস্ত্ৰ ধৰ॥
বক্ষ, স্থল ভাৰ্হিলে শ্ৰীবৎস মোখ পান্তি।
বাখ বক্ষ স্থলে লক্ষ্মী দেৱী প্ৰকাশন্তি॥
চৰণ নিৰথি থাকা জগ মাতা।
জ্বল গজমতি হাৰ গল গল পাতা॥
কৰীকৰ সমান সুঠাম দুই উৰু।
নিজ জন মনোৰথ পূৰ্ণ কল্পতৰু॥
কটিত মেখলা দিব্য ৰতনে খচিত।
তড়িত জড়িত দিব্য পীত ভূমি পীত।
পদযুগে শোভে নব কখ লক গজি।
ৰত্নময় সুন্দৰ নুপুৰে আছে ৰঞ্জি।
নখ চন্দ্ৰচয় চাৰু দেখি আৰকত।
পদতষে চিহ্নচয় দেখি প্ৰত্যেকত॥
এহি মূৰ্ত্তি চিন খনে কৰিবি সাক্ষাত।
সৰ্বাঙ্গ চিন্তিয়া মন ৰাখিবি হিয়াত॥

৭৪। মূল ঘোষাঃ-

মাতৃৰ গৰ্ভত দশমাস থাকি
 ভূঞ্জন্ত জীৱে যাতনা।
ই কথা পাহৰি  ভকতকো এৰি
 নকৰে হৰি সাধনা॥

পদঃ-

মাতৃৰ গৰ্ভত পৰি আছো মই
 দণ্ডে যুগ সম যায়।
আত থাকন্তেও  যাৰ দুখ নাই
 প্ৰণামো তাহান পাৱ॥

(১৩৬)