পৃষ্ঠা:ৰামনিৰঞ্জনভকতিপ্ৰৱাহ.pdf/১৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দিহা নামৰ সম্ভাৰ


আপোনাৰ সমুখে থাপিয়া পাছে হৰি।
ভকতৰ অৰ্থে যিটো আছ মূৰ্ত্তি ধৰি॥
ভকতৰ মনোৰম সদায়ে পুৰন্ত।
যেই যেন খোজে তাক সৰ্ব্বদায়ে দেন্ত॥
প্ৰসন্ন বদন পুৰ্ণচন্দ্ৰ সম সৰ।
উন্নত নাসিকা কৰ্ণকুসুম সুন্দৰ॥
অৰুণ নয়ন নৰ পঙ্কজ পৰায়।
সকৰুণ দৃষ্টি যাৰ থাকে সৰ্ব্বদায়॥
ত্ৰিবলী ললিত ভ্ৰব যুগ মনোহৰ।
ললাতে অৰুণময় তিলক সুন্দৰ॥
কপালে কুটিল নীল অলকা ৰজিত।
মনোহৰ হাসেৎ যেন বৰিষে অমৃত॥
অৰুণ অধৰ বিশ্ব ফল নুহি সৰি।
দশন নিবিৰ যেন নব কুন্দ কৰি॥

ভাঙনি ঘোষাঃ-

কৃষ্ণৰ চৰিত্ৰমাত্ৰ সদা কৰা সাৰ।
ধৰ্ম্ম অৰ্থ কাম-মোক্ষ অধীন ইহাৰ॥

পদঃ-

সুন্দৰ দুই কৰ্ণ তলে মকৰ কুণ্ডল।
অমূল্য ৰতন মণি কিৰীটি উজ্বল॥
সুন্দৰ ৰচিত বায়ু কণ্ঠ মনোহৰ।
প্ৰকাশে কৌস্তভ যেন সূৰ্য্য প্ৰভাতৰ॥
সিংহ বন্ধ কাটি সুবহ বক্ষ স্থল।
হৃষ্টপুষ্ট তুষ্ট দেখি নিতম্ব বহল॥
নব নীল মেঘ যেন শৰীৰৰ কান্তি।
আপাদ লম্বিত গলে জ্বলে বৈজয়ন্তী॥
সুবলিত চাৰি বাহু যেন কৰী কৰ।

(১৩৫)