পৃষ্ঠা:ৰামনিৰঞ্জনভকতিপ্ৰৱাহ.pdf/১৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দিহা নামৰ সম্ভাৰ


সমস্ত লোককে মুখ্য দিবৰ কাৰণে।
কৰিলা বিবিধ শাস্ত্ৰ শঙ্কৰ মাধৱে॥
কালিৰ পৰম পাপ সাগৰ সংকাশ।
প্ৰথমতে দহি তাক কৰে সৰ্ব্বনাশ।
সমস্ত পূণ্যৰ ফল কীৰ্ত্তনত পাৱে।
মিলিবে মুকুতি আহি হৰি নাম গাৱে॥
সদা নাম লৱন্তে বাসনা হোৱে ক্ষয়।
নোপজয় পাপ আৰু চিত্তশুদ্ধি হয়।

২৩। মূল ঘোষাঃ-

ধৰ্ম অৰ্থ কাম মোক্ষ আনো সিদ্ধি যত।
সৱে সিদ্ধি হোৱে যাৰ চৰণ সেৱাত॥
অকপটে ভজো হেন মাধৱৰ ঠাই।
ভকত ভ্ৰমৰে যত নাম ফুৰে গাই॥

পদঃ-

যেন মতে হৰি তোত হৈ বন্ত বিদিত।
যেন মতে পাইবি সবে মনৰ বাঞ্চিত॥
পুণ্য নদী যমুনাৰ তীৰতে সাক্ষাত।
মধুবনে নামে এক বন আছে তাত॥
তাত পৰে আৰু পুণ্য ক্ষেত্ৰ নাহি আন।
যাত সৰ্ব কামে গোবিন্দৰ অধিষ্ঠান॥
সেহি বনে থাকি গোবিন্দক আৰাধিবি।
স্নান কৰি যমুনাত ত্ৰিসন্ধ্যা কৰিবি॥
কুশ কৃষ্ণা জিন শব্দ আসন কৰিবি।
প্ৰাণায়ম কৰি প্ৰাণ মনে নিয়মিবি॥
প্ৰণব উচ্চাৰি হৃদি পঙ্কজ মধ্যত।

প্ৰথমতে কৃষ্ণক চিন্তিবি হ্যদয়ত॥

(১৩৪)