পৃষ্ঠা:ৰামনিৰঞ্জনভকতিপ্ৰৱাহ.pdf/১৪১

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দিহা নামৰ সম্ভাৰ


চাৰিফালে বহি খাই গোপ শিশু গৈয়া॥
এহিমতে মুখ্য গৰখীয়া কৃষ্ণ ৰাম।
সপ্তঋষি বৰি ভৈল দেখিতে সুঠাম॥
বসন্ত শৰত বৰ্ষা ছয়োটা ঋতুত।
বৃন্দাবনে গৰু চাৰে যমুনা কুলত॥
জয় নমো নাৰায়ন দেখা হাদিশ্বৰে।
কিঞ্চিত কৰিছে কৃপা জগত ঈশ্বৰে॥

...................

৭২। মূল ঘোষাঃ-

নামঘৰ শুৱনি  নামৰ প্ৰতিধ্বনি
 ভকতৰ শুৱনি সেৱা।
মণিকূট শুৱনি  চন্দ্ৰতাপ এখনি
 নামলয় গধুলি পুৱা॥

পদঃ-

শুনা সভাসদ  ভাগৱত পদ
 ভক্তিৰ কেনে উত্তৰ।
হৈয়া শুদ্ধ মতি  একান্ত ভকতি
 ভজিয়োক দামোদৰ॥
অনৰ্থ শৰীৰ  পৰিল পৰাই
 নামত কৰিয়ো ৰতি।
নিন্দা বাদ তৰ্ক  অসূয়া তেজিয়া
 লৈয়োক সাধু সঙ্গতি॥
ঈশ্বৰৰ নাম  কেহো নোহে সম
 কেৱলে মোক্ষৰ হেতু।
স্মৰণ মাত্ৰকে  দহে নিৰন্তৰে
 পাতকৰ ধূমকেতু॥

(১৩২)