পৃষ্ঠা:ৰামনিৰঞ্জনভকতিপ্ৰৱাহ.pdf/১৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দিহা নামৰ সম্ভাৰ


 বসুদেৱে কেচুৱাক কোলাত লৈলন্ত।
গৃহৰ বাহিৰ হৈ গোকুলে গৈলন্ত॥
ঘোৰ বৃষ্টি ভৈলা বাৰিষা নিশাত।
পাৰাপাৰ পনাজানিয়া যমুনা নদীত।
ভাদৰ পানীৰ সোতে সাপৰ নেজ ছিগে।
অনন্ত আসিলা লৰি ছাটি দিল মেঘে॥

ভাঙনি ঘোষাঃ-

নন্দৰ ঘৰে ডাঙৰ দীঘল হলা বাছাধন।
ধেনু চাৰি পবিত্ৰ কৰিলা বৃন্দাবন॥

পদঃ-

অন্য গোপবালকক সঙ্গে ঘনশ্যাম।
গৰু চাৰি ফুৰিলন্ত লগে বলৰাম॥
কংসৰ আদেশক্ৰমে যতেক আসিছে।
একে একে সবাহাংক বিনাশ কৰিছে॥
বকৰূপী কংস সখা অসুৰ দুৰ্জ্জন।
ঠোট ছিৰি বধিলন্ত যশোদা নন্দন॥
গধুলি গৰুক আনি গোপ গণ যত।
পথ বুলি পাসিলন্ত তাহাৰ গৰ্ভত॥
অথন্তৰ দেখি কৃষ্ণ পৰম ঈশ্বৰ।
একে লগে পসিলন্ত গৰ্ভত তাহাৰ॥
বৈষ্ণৱী মায়াক কৰি প্ৰভূ দামোদৰ।
বাহিবে লাগিলা পাছে গৰ্ভৰ ভিতৰ॥
বাঢ়ি যায় অসুৰৰ মূধা ফুটিলন্ত।
প্ৰাণ বায়ু বাজ হুয়া প্ৰাণ এৰিলন্ত॥
গৰু গোপে জীয়াই আছে যশোদা নন্দন।
গৰখীয়া খেলা ধুলায় হইলা মগন॥
কতো বেলা অন্ন খান্ত মাজত বসিয়া।

(১৩১)