সমললৈ যাওক

পৃষ্ঠা:ৰামনিৰঞ্জনভকতিপ্ৰৱাহ.pdf/১৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দিহা নামৰ সম্ভাৰ


পদ্ম নেত্ৰ দল  ভকত বৎসল
 ভক্তবাক্য ৰাখি নিষ্টে।
দ্বাপৰ শেষত  কলিৰ আদিত
 পাৰ্থক কহিলা কৃষ্ণে॥
যদি সঙ্গে পূৰ্ণ  কলিত নপাৰে
 ঈশ্বৰত হউক মতি।
যেন গঙ্গা যাত্ৰী  পথে প্ৰাণ যায়
 তভো পাৱে তীৰ্থ গতি॥
তুমি নিজ গুৰু  প্ৰপন্ন শিষ্যক,
 শিক্ষা দিতে লাগে স্বামী।
পিতৃয়ে পুত্ৰৰ নিয়মৰ কৰ্ত্তা
 দণ্ডদাতা প্ৰভূ তুমি॥
গুৰু ইষ্ট দেৱ  সৰ্ব্বভাৱে সেৱ
 কৰিতে লাগে সন্তোষ।
প্ৰপন্ন শিষ্যক  নকহে গুহাক
 গুৰু পাৱে বহু দোষ॥
ঈশ্বৰৰ অৰ্থে  ৰাগ দ্বেষ এৰি
 গৃহে থাকি কৰ্ম কৰে।
জানিবা সন্ন্যাস  সিজিল তাহাৰ
 অনায়াসে সিটো তৰে॥

ভাঙনি ঘোষাঃ-

শঙ্কৰৰূপে অৱতাৰ ব্ৰহ্মাণ্ডৰ পতি।
শৰণ-ভজন লৈয়া কৰা কৃষ্ণত ভকতি॥

পদঃ-

শুনা সভাসদ পদ শংকৰ চৰিত্ৰ।
আপোনি ঈশ্বৰ আহি হৈলন্ত বিদিত॥
নানা যুগে ধৰা তুমি নানা অৱতাৰ।
কলি যুগে গুৰু ৰূপে আসিলা ইবাৰ॥

(১৩৩)