পৃষ্ঠা:ৰামনিৰঞ্জনভকতিপ্ৰৱাহ.pdf/১৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দিহা নামৰ সম্ভাৰ


৬৯। মূল ঘোষাঃ-

পাৰ্থৰ পুত্ৰ অভিমন্যু মহা ধনুধৰ।
সপ্তৰথী বেঢ়ি মাৰে অন্যায় সমৰ॥

পদঃ-

শুনা সভাসদ পদ মহাভাৰতৰ।
বেহু মধ্যে প্ৰবেশিলা অভিমন্যু বীৰ॥
নাহি দিল জয়দূৰ্থ প্ৰবেশিত পথ।
চিন্তিত ভৈল ভীম পৰি বিপদত॥
বেহু ভেদি গৈল পুত্ৰ নিজ বীৰপনে।
প্ৰবেশ কৰিল কিন্তু নিগম নাজানে॥
তথাপি সন্মুখ সৈন্য সাজে গৈলা ৰণ।
সঙ্কতে পৰিলে ৰক্ষা নপাইব কেখন।
অভিমন্যু নেদেখিলে নিজ সৈন্য পাশে।
নিগমক নাহি জানা চিন্তিল নিৰাশে।
বিধিক চিন্তিয়া স্থিৰ কৰি মহাবীৰ।
বান বৃষ্টি কৰি সৈন্য কৰিল অস্থিৰ॥
একেশ্বৰে অভিমন্যু কৰে মহামাৰ।
দৈখিয়া কৌৰৱ গণে দেখে চমৎকাৰ॥
চৌদিশে বেঢ়িয়া যত কুৰু ক্ষেত্ৰ চয়।
ঝাকে ঝাকে বান মাৰে অভিমন্যু কায়॥
এক মাত্ৰ ধনুত জুৰিলে পঞ্চবান।
নোৱাৰে সন্মোষেকেহে কৰিতে সন্ধান॥
পাছে সৰ্ব্বজনে চিন্তি কৰে আলোচন।
ন্যায় যুদ্ধে অভিমন্যু নহৈব পতন॥
দুৰ্যোধনে বোলে শুনা আমাৰ বচন।
সপ্তৰথী এক কালে কৰিয়োক ৰণ॥
শুনিয়া সমৰে বেঢ়ি সপ্তৰথী গল।
এককালে সন্ধানকৰিলা অস্ত্ৰ গল॥

(১২৫)