পৃষ্ঠা:ৰামনিৰঞ্জনভকতিপ্ৰৱাহ.pdf/১৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দিহা নামৰ সম্ভাৰ


যুধিষ্ঠিৰে বোলে পাশা অনৰ্থৰ মূল।
অধৰ্ম্ম চিন্তিয়া মোক বোলাহা মাতুল॥
শকুনি বদতি শুনা ধৰ্ম্মৰ কুমাৰ।
নিবতিয়া গৃহে তব যাওঁ আপোনাৰ॥
শুনিছো ধৰ্ম্মৰ মনে মিলিল বিষাদ।
পাশা খেলিবাক চিন্তা কৰিলা তথাত।
দুয়োজনে কতোক্ষনে পাশা আৰম্ভিলা।
দেখিবাক সৰ্ব্বজন সভাত বসিলা॥

ভাঙনি ঘোষাঃ-

বিলম্ব নকৰি ৰাজা ধৰ্ম নৰপতি।
শুভক্ষনে কৰা সবে অৰণ্যৰ গতি॥

পদঃ-

বসন ভূষণ আদি সকলো তেজিয়া।
নগ্নবেশ ধৰিলোক বাকলি পিন্ধিয়া॥
একে একে সবাকো বুলিলা ধৰ্ম্মৰায়।
আজ্ঞা কৰা বনে যাইবো মাগিছে বিদায়॥
মনে মনে সৰ্ব্বজনে আশীষ কৰিল।
লজ্জায়ে মলিন মুখ মাথা নুতুলিল॥
দ্ৰোপতিতেজয়াি বস্ত্ৰ হৃদয় বিকল।
লম্বিত কোমল কেশ পিন্ধিয়া বাকল॥
পাণ্ডৱৰ বেশ দেখি কান্দে সৰ্ব্বজন।
বাল বৃদ্ধ যুৱা যত আছে নাৰী গণ॥
বিকেদৰে ক্ৰোধে উঠে হাতে গদা ধৰি।
যুধিষ্ঠিৰে নিবাৰণ কৰে ধৈৰ্য্য ধৰি॥
বন্দিনী দ্ৰোপদি কান্দে দুখ অপমানে।
এহি অপমানে মোক ৰক্ষা কৰে কোনে॥

.........................

(১২৪)