সমললৈ যাওক

পৃষ্ঠা:ৰামনিৰঞ্জনভকতিপ্ৰৱাহ.pdf/১৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দিহা নামৰ সম্ভাৰ


ভাঙনি ঘোষা:-

বেহুমধ্যে অভিমন্যু পাৰ্থৰ নন্দন।
হাহা পিতৃমাতৃ বুলি কৰয় ক্ৰন্দন॥

পদ :-

অস্ত্ৰৰ সন্ধানে বীৰ হৰাই চেতন।
হাহা পিতৃ মাতৃ বুলি কৰয় ক্ৰন্দন॥
চাৰিদিশে বেঢ়ি অস্ত্ৰ কৰে বৰিষন।
আজি ৰক্ষা নাহি মোৰ অৱশ্যে মৰণ॥
কৃষ্ণ মোৰ মামা আৰু পাৰ্থ মোৰ বাপ।
মৃত্যুকালে নেদেখিলে এহি মনস্তাপ॥
কৈক গৈলা জেষ্ঠ পিতা ভীম মহাবীৰ।
ইসময়ে নেদেখিলো চৰম তোমাৰ॥
কৈক গৈলা পিতা মোৰ পাৰ্থ ধনুদ্ধৰ।
ধৰ্মৰাজ নকুল সহদেৱ সহোদৰ॥
নেদেখিলো মাতৃ মোৰ তোমাৰ চৰণ।
এহি বুলি দীৰ্ঘৰাৱে কান্দে ঘন ঘন॥
ৰক্তে তনু আৱৰিল বিকল শৰীৰ।
পৰিল ভূমিত ধাৰা যুহিছে ৰুধিৰ॥
অস্ত্ৰ ঘাটে অভিমন্যু হৈল অচেতন।
পুনঃ সপ্ত ৰথী কৰে অস্ত্ৰ বৰিষন॥
অভিৰ ওপৰে কৰে গদাৰ প্ৰহাৰ।
দেখিয়া সমৰ গণে কৰে হাহাকাৰ॥
এনুৱা অন্যায় কৰে দুষ্ট দুৰ্যোধন।
এহি পাপে হৈব তাৰ সবংশো নিধন॥
পুত্ৰৰ বিয়োগে পাণ্ডৱৰ সেনাগণ।
কৰয় ক্ৰন্দন সবে কপিল গগন।
কুৰুগণে কৰে নানা বাদ্য কোলাহল৷

(১২৬)