বিশেষত মনুষ্য গণত যিটো নৰে।
বিষ্ণু বুদ্ধি ভাৱে সৰ্ব্বদায়ে মান্য কৰে॥
ইৰিষা অসূয়া তিৰস্কাৰ অহংকাৰ।
সবে নষ্ট হোৱে তেবে তাৱক্ষনে তাৰ॥
এতেকে উদ্ধৱ তুমি তেজা বেদ-পন্থ।
যি জানা শুনা সৱে এৰা আন গ্ৰন্থ॥
একমাত্ৰ মোতে তুমি লৈয়োক শৰণ।
নকৰিবা ভয় হেৰা কৰিবো ৰক্ষণ॥
......................
৬৮। মূল ঘোষাঃ-
কৰ্মপথে বন্দী জীৱ সংসাৰত পৰে।
বিধি বিধান সিটো খণ্ডাব নোৱাৰে॥
শকুনিৰ কুমন্ত্ৰনাত ৰাজা দুৰ্যোধনে।
পাশা খেলি পাণ্ডৱক পঠাইলাহা বনে॥
পদঃ-
ৰজনী প্ৰভাতে পঞ্চ পাণ্ডৱ নন্দন।
সুখে দিব্য সভামধ্যে কৰিলা গমন॥
একে একে সম্ভাষণ কৰি সৰ্ব্বজনে।
বসিলেক অপূৰ্ব্ব স্বৰ্ণৰ সিংহাসনে।
হেন কালে শকুনি আসিল পাশা সহিতি।
যত ক্ৰীড়া কৰা আজি ধৰ্ম্ম নৃপপতি॥
যুধিষ্ঠিৰে বোলে পাশা অনৰ্থৰ ঘৰ।
ক্ষত্ৰিয়ৰ পৰাক্ৰম ইটো নহয় বৰ॥
গৰিহিত কৰ্ম্ম ইটো কপত ব্যাখ্যান।
অনিতি কৰ্ম্মত মোৰ নাহি কিছু মন॥
শকুনি কুলিলা পাশা সুবুদ্ধিৰ কৰ্ম্ম
দ্যুত ক্ৰীড়া যুদ্ধ আদি ক্ষত্ৰিয়ৰ ধৰ্ম্ম॥
(১২৩)