পৃষ্ঠা:ৰামনিৰঞ্জনভকতিপ্ৰৱাহ.pdf/১৩১

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দিহা নামৰ সম্ভাৰ


শোকে মক মকি কৰন্ত কিঙ্কৰে।
 কতো চৰণত ধৰি।
সন্তাপত আতি  লোতকে তিয়াই
 মাধৱৰ দুই ভৰি॥
কৃষ্ণ উপদেশে  জানিলা নিঃশেষ
 অদ্যাপি পৰম জ্ঞান।
তথাপি কৃষ্ণক  এৰিবে খোজন্তে
 যেন ফুটি যায় প্ৰাণ॥
ভৃত্যৰ সন্তাপ  দেখি কৃপাময়
 নয়ন ভৈলা সজ্জ্বল।
উদ্ধৱক ধৰি  প্ৰবোধে বোলন্ত
 তেজিয়ো সবে বিকল॥
আমাৰ দুখানি  খৰম লৈ যায়
 কৰা শোক পৰিহাৰ।
আকে সেৱা কৰি  থাকা প্ৰাণ সখি
 পালিয়া আজ্ঞা আমাৰ।

ভাঙনি ঘোষাঃ-

কৃষ্ণ যায় বৈকুণ্ঠলৈ অশ্বস্থৰ তলে
পৰম ৰহস্য ভক্তি উদ্ধৱক দিলে

পদঃ-

শুনিয়ো উদ্ধৱ আৰু ৰহস্য ভকতি।
কৰিবা অভ্যাস তুমি স্থিৰ কৰি মতি॥
সমস্ত ভূততে ব্যাপি আছোঁ মঞি হৰি।
সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি॥
ব্ৰাহ্মণৰ চাণ্ডালৰ নিবিচাকি কুল।
দাতাত চোৰত যেন দৃষ্টি এক তুল॥
নীচত সাধুত যাৰ ভৈল এক জ্ঞান।
তাহাকেসে পণ্ডিত বুলিয় সৰ্ব্বজন॥

(১২২)