পৃষ্ঠা:ৰামনিৰঞ্জনভকতিপ্ৰৱাহ.pdf/১১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দিহা নামৰ সম্ভাৰ


এক নিমিষতে গৈয়া গোকুলত পাইলা॥
নিদ্ৰা গৈয়া গোৱাল সকল সুতি আছে।
অচেতন যশোদাক দেখিলন্ত পাছে॥
কৃষ্ণক থৈলন্ত তান শৰ্য্যাত শুৱাই।
তাহান কন্যাক লৈয়া আসিলা দুনাই॥
দৈৱকীৰ লগে শুৱাই থৈলামহা বল।
পূৰ্ব্বতে পিন্ধিলন্ত আপুনি নিহল॥
দুনাই দুৱাৰত সবে কপাত লাগিল।
শিশুৰ ক্ৰন্দন শুনি প্ৰহৰি জাগিল॥
লৱৰত্ন ৰখীয়া কংসক জান দিল।
শুনা প্ৰভূ দৈৱকীৰ পুত্ৰ উপজিল॥
শুনি কংস উঠিল বিহ্বল হুয়া বৰ।
এহি মোৰ মৃত্যু বুলি দিলেক লৱৰ॥

.......................

৫৯। মূল ঘোষাঃ-

জীৱ আত্মা পৰম আত্মা ব্ৰহ্মাণ্ডৰ সীমা।
কিবা হেতু ব্ৰহ্মাণ্ডলৈ নমাইলা প্ৰতিমা।

পদঃ-

একদিনা ব্ৰহ্মাদেৱে বিষ্ণুক সোধয়।
কোনবা উত্তম ক্ষেত্ৰ তোমাৰ আছয়॥
হেন শুনি দিলে পাছে ব্ৰহ্মাৰ উত্তৰ।
ব্ৰহ্মাক্ষেত্ৰ কথা শুনাহা সৃষ্টিকৰ॥
জগতকে কৰি মই যিহেতু উত্তম।
সিকাৰণে নাম মোৰ পুৰুষ উত্তম।
ভৈলা সিটো ক্ষেত্ৰ মই আপুনি সাক্ষাত।
পুৰুষোত্তম নামে ক্ষেত্ৰ তাতেসে বিখ্যাত॥
বিনা যজ্ঞ দান তপ যোগৰ যুগুতি।
চাৰিও কৰ্ণক দেন্ত ভুকুতি মুকুতি॥

(১১০)