পৃষ্ঠা:ৰামনিৰঞ্জনভকতিপ্ৰৱাহ.pdf/১২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দিহা নামৰ সম্ভাৰ


যাৰ ছাঁয়া পৰশনে হোৱে মহোদয়।
দৰশন মাত্ৰে ব্ৰহ্মহত্যা হোৱে ক্ষয়॥
যমৰাজা বোলে ইটো ক্ষেত্ৰ থাকে যাৰ।
ইন্দ্ৰ নীলময় আত প্ৰতিমা তোমাৰ॥
পাপী অনাচাৰী তাক অপ্ৰয়াসে চাৱে।
তোমাৰ প্ৰসাদে স্থান শ্বেত দ্বীপে পাৱে॥
মোৰ অধিকাৰ ভৈল সকলে লুপুত।
হেন জানি প্ৰতিমাক কৰিয়ো গুপুত॥
পাছে ময়ো যমৰায়ৰ বচনত থাকি।
পুতি থৈলো প্ৰতিমাক বালুকায়ে ঢাকি॥
জগন্নাথ নাম ইটো পৰম ৰহস্য।
তাক সদালৱে যিটো কৰিব ৰহস্য॥
সিটো জনে অপ্ৰয়াসে ছিঙে কৰ্ম বন্ধ।
হাততে মুকুতি তাৰ নালাগে প্ৰৱন্ধ॥
হৰত সাক্ষাতে কহি আছন্ত শ্ৰীহৰি।
নাহি আন ধৰ্ম্ম জগন্নাথ নাম সৰি॥
এহি জগন্নাথ নাম যিটো সুমৰে সতত
ক্ষমিব তাহাৰ নিতে অপৰাধ শত॥
জগন্নাথ নাম যিটো হেলাত উচ্ছৰে।
ব্ৰহ্ম হত্যা আদি পাপ পলাই তাক ডৰে।

.............................

৬০। মূল ঘোষাঃ-

মানৱ সেৱাই যদি শ্ৰেষ্ঠ ধৰ্ম্ম হয়।
অহিংসাই পৰম ধৰ্ম্ম গুৰুজনাই কয়॥
শুদ্ধ চিত্তে নাম ললে অ’ পাপী মন।
কে,লৈ যাব লাগে কাশী বৃন্দাবন।

(১১১)