শুকনি গদতি শুনিয়োক পৰীক্ষিত।
ৰোহিনী নক্ষত্ৰ যেবে ভৈল উপস্থিত॥
মধ্য ৰাতি অতি অন্ধকাৰে ভৈল ছন্ন।
সেহি সময়ত উপজিলা নাৰায়ণ॥
দৈবকীৰ গৰ্ভে আসি ভৈলন্ত বেকত।
চন্দ্ৰযেন প্ৰকাশন্ত পূৰ্বৰ দিশত॥
কমল লোচন চাৰি ভূজে চাৰি অস্ত্ৰ।
কণ্ঠত কৌস্তভ শোভে গাৱে পীত বস্ত্ৰ॥
অমূল্য কিৰিটি ৰত্ন গলে পৰি জিকি।
তাৰে ৰশ্মি কেশ চয় দেখি চিকিমিকি॥
মকৰ কুণ্ডলে সুসজ্জিত দুই কৰ্ণ।
সুন্দৰ শৰীৰ যেন মেঘ শ্যাম বৰ্ণ॥
ভাঙনি ঘোষাঃ-
উপজিলা শ্ৰীহৰি শঙ্খ চক্ৰ গদাধৰি
বসুদেৱে দেখিলা অদ্ভূত।
ঢাকা প্ৰভূ শঙ্খচক্ৰ ৰাখী প্ৰভূ বন্ধুবৰ্গ
ছদ্মৰূপে থাকা গোকুলত॥
পদঃ-
কৃষ্ণক কোলাত লৈয়া যান্ত বাসুদেৱে।
পালি পহৰীয়া সবে নাজানিলে কেৱে॥
বৰিষে কনিকা মেঘে ওপৰত গাজে।
ফনায়ে ধৰিয়া ছত্ৰ আসি সৰ্প ৰাজে॥
বাৰিষা যমুনা নদী ফেনে ফুটুকাৰে।
ঢৌ দেখি লাগে ভয় ভাগে বাজোৱাৰে॥
কৃষ্ণক দেখিয়া ভয়ে বাট দিলা মাজে।
ৰামক দিলন্ত যেন পস্থসিন্ধু ৰাজে॥
অ প্ৰয়াসে বসুদেৱে যমুনা চৰাইলা।
(১০৯)