পৃষ্ঠা:ৰামনিৰঞ্জনভকতিপ্ৰৱাহ.pdf/১০৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দিহা নামৰ সম্ভাৰ


যেন প্ৰাণী অন্ন পান ভূঞ্জে যত যত,
উদৰৰ বহ্নি জীৰ্ণ কৰয় সমস্ত।
সেহিমতে ভকতিয়ো লিঙ্গ জীৰ্ণ কৰে,
বিনা যত্নে জীৱন্তে মুকুতি পাৱে নৰে॥
হেন জানি সাধুজন এৰি আন কাম,
ভকতৰ সঙ্গে পাতা নামৰ দোকান।
হেন মোক বিচাৰিয়ো ভকতৰ সঙ্গত,
জ্ঞান বিজ্ঞান তেবে হৈবেক বেকত॥

ভাঙনি ঘোষাঃ-

জীৱই কৰিলে ভক্তি মিলিবে মুকুতি।
সৰ্ব্ব শাস্ত্ৰ কহে মাত্ৰ এহিসে যুগুতি॥

পদঃ-

কৰৈ মোত ভকতি যদ্যপি দুষ্ট চিত্তে,
দহৱৈ পাতেক তাৰ তথাপি ত্বৰিতে।
একোৱে নৰাখৈ পাপ পূণ্য যত আছে,
যেন মহা বহ্নি কেঞ্চা শুখান নবাছে।
আন ক্ষুদ্ৰ দেৱতাত যদি নেদি মতি
মহা দুৰাচাৰো কৰৈ আমাত ভকতি।
সেহিসে পৰম সাধু জানা মহাশয়,
যিহেতু আমাক মাত্ৰ কৰিল নিশ্চয়।
এতেকে নোছোৱৈ পাপে পূণ্য কলেৱৰ,
পৰম মুক্তিৰ পাত্ৰ হোৱৈ সিটো নৰ।
কুতৰ্কী পণ্ডিতে যেবে নমানে ইহাক,
ডোল কোবাই উৰ্দ্ধবাহু খণ্ডা তাৰ বাক।
দুৰাচাৰো তৰৈ আত ইটো কোন চিত্ৰ,
চণ্ডালিকো কৰৈ মোৰ ভকতি পবিত্ৰ।
চাৰিয়ো বেদৰ তত্ব কৰিয়া নিশ্চয়,
অৰ্জ্জুনতো গীতাত কহিছা কৃপাময়।

(৯৭)