পৃষ্ঠা:ৰামনিৰঞ্জনভকতিপ্ৰৱাহ.pdf/১০৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দিহা নামৰ সম্ভাৰ


তপ জপ পৰম সন্যাস মহাদানে,
নপাৱে আমাক সাঙ্খ্যযোগ তত্ব জ্ঞানে।
কেৱলে ভকতি মাত্ৰ মোক কৰৈ বশ্য,
কহিলো উদ্ধৱ ইটো তোমাত ৰহস্য॥

................

৫২। মূল ঘোষাঃ-

ভাগৱত পুৰাণ মথি,
বেদৰো তত্বক আনি,
শঙ্কৰদেৱে লিখে কীৰ্ত্তন ঘোষা॥
গীতা উপনিষদ মথি,
গুৰুৰো মহাত্ম্য আনি,
মাধৱদেৱে লিখে নামঘোষা।
ঐ ৰাম অসমীয়াৰ দুয়ো আয়ুস ৰেখা॥

পদঃ-

শঙ্কৰেসে শুদ্ধমত  ঈশ্বৰ ভকতি তত্ব
 প্ৰচাৰিলা শাস্ত্ৰ সাৰ জানি,
ইহাক নজানি মূঢ়ে জীৱীকাৰ অৰ্থে ফুৰে
 আপোনাৰ মহত্ব বখানি।
শঙ্কৰে সংশয় ছেদি  শাস্ত্ৰৰ তত্বক ভেদি
 প্ৰচাৰিলা কৃষ্ণৰ ভকতি,
তাঙ্ক এৰি কিকাৰণে  আনক বোলয় গুৰু
 কিনো লোক মহা মূঢ়মতি।
নজানে শাস্ত্ৰৰ নয়  যোহি আহে তাকে কয়
 ছেদিবাক নপাৰে সংশয়,
তথাপিতো গুৰু বোলই  লোকৰ মাজত ফুৰে
 মান্য সতকাৰ খুজি লয়।

(৯৮)