পৃষ্ঠা:ৰামনিৰঞ্জনভকতিপ্ৰৱাহ.pdf/১০৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দিহা নামৰ সম্ভাৰ


ইটো কথামৃত পান কৰে যিটো জন,
গুচে তৃষ্ণা আদি তাৰ শুদ্ধ হোৱেমন।
হেনয় মহন্তসৱ থাকন্ত যথাত,
থাকা তুমি নাৰায়ণ সাক্ষাত তথাত॥

.....................

৫১। মূল ঘোষাঃ-

আত্ম-তত্ব জানে যিটো সোহসে বৈষ্ণৱ,
আত্ম দৰ্শন হোৰে যাৰ সেহিসে ভকত।
লিঙ্গদেহ নদহিলে নহয় মুক্তি জীৱ,
ভকতৰ সঙ্গ পাইলে জীৱ হৈব শিৱ॥

পদঃ-

আত্ম জ্ঞানী গণো হোৱৈ মায়ায়ে মুহিত,
জানি মোৰ সেৱাত একান্তে দিয়ো চিত।
নকৰিবা সেৱা সখি আন দেৱতাৰ,
নুহি যেন আমাৰ ভকতি ব্যভিচাৰ॥
ভকতৰ সঙ্গ সখি লৈব প্ৰথমত,
শ্ৰৱণ কীৰ্ত্তন মোৰ কৰিব সতত।
দেৱতো তীৰ্থতো কৰি ভকতেহে বৰ,
ভকতক ভজিলে গুচয় কৰ্ম্মজড়॥
ভকতি বিহীন জ্ঞান কৰ্ম্ম সবে ব্যৰ্থ,
কহিলো স্বৰূপে বেদান্তৰো তত্ব অৰ্থ।
মই বিনে ভকতে নিচিন্তে কিছু জান,
ভকতত পৰে মই নজানোহো আন॥
মই ভকতৰ হৃদি জানিবা নিশ্চয়,
ভকতজনৰ মই জানিবা হৃদয়।
মুকুতি মিলিবেভকতিৰ প্ৰসাদত,
লিঙ্গ দেহ দহিবে অজ্ঞান প্ৰথমত॥

(৯৬)