সমললৈ যাওক

পৃষ্ঠা:ৰাজসূয় কাব্য.pdf/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

(~) আপোন আশ্ৰয় ইটো জগত যতেক সৃষ্টি স্থিতি লয় আৰ কৰন্ত "প্ৰত্যেক যাহাৰ নিমিত্তে ইটে৷ লোক নিৰন্তৰে। নানাবিধ ৰূপাশয় কৰ্ম্মক আচৰে। যিহেতু কৃষ্ণেসে পৰমাত্মা জগতৰ, সিহেতু অনেক বিধে চেষ্টা কৰে নৰ। অন্যথা যতেক জড় বস্তু অচেতন এতেকেসে কৃষ্ণ এন্তে জগত কাৰণ॥ যত কৰ্ম্মফল - মানে- অধীন কৃষ্ণৰ। কৃষ্ণ তুষ্ট ভৈল তুষ্ট হোৱে চৰাচৰ॥৫৪৮-৫৫৩ (২) ব্ৰহ্মা, মহেশ্বৰ, ইন্দ্ৰ আদিৰ আগত কৃষ্ণহে অৰিহনাৰ পাত্ৰ। বিৰোধী উক্তি:-- নুহি যোগ্য কৃষ্ণ ইটে। - অগ্ৰ অবিহনে নেদিবা সম্মত - তুমি সব মহাজনে॥ জগততে শ্ৰেষ্ঠ দুই ব্ৰহ্মা মহাদেৱ। যাহাৰ চৰণ: সুৰাসুৰে কৰে সেৱ | জগত কাৰণ দুয়ো - দেৱতে - উত্তম। ব্ৰহ্মাণ্ডতো “নাহি ইটো দুহান্তকে। -সম॥ প্ৰথমে নকৰি পূজা আৰ৷ দুইহান্তক। কমন যুগুতি পূজা কৰিল৷ কৃষ্ণক॥ ব্যাসক প্ৰমুখ্যে মহা মহা ঋষিগণ। জপ তপ বিদ্যা ব্ৰত ধৰি সৰ্ব্বক্ষণ॥ জ্ঞান বলে নষ্ট কৰি কাষ : সমস্ত। - নুগুচয় সৰ্ব্ব কালে সমাধি ব্ৰহ্মত!!