সমললৈ যাওক

পৃষ্ঠা:ৰাজসূয় কাব্য.pdf/৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

(✓ ) (১) (ক) উপাধি ৰহিত জ্যোতি ৰূপ আত্মা এক। সমস্তকে ব্যাপি আছা আপুনি প্ৰত্যেক॥ চিদানন্দ পূৰ্ণ সত্য নিত্য নিৰন্তৰ। মোহোৰ প্ৰকাশে প্ৰকাশয় চৰাচৰ॥ সৃষ্টি স্থিতি প্ৰলয়ৰে৷ কাৰণ সাক্ষাত। জীৱৰে৷ অবিদ্যা গুচে মোহোৰ সেৱাত। নোচোৱৰ মোক দেষি গুণে জগতৰ। পৰন ঈশ্বৰময় প্ৰকৃতিতো পৰ॥ আপোনাৰ বোধে মঞি আপুনি সংবমি। অন্তৰ্য্যানী ৰূপে আছ৷ জীৱক নিয়মি॥ আপোন শকতি নিজ মায়। বশ্য কৰি। আপোনাকে থাকন্ত আপুনি চিন্তি হৰি॥ ৩১-৩৩ (খ) ভকতসৱৰ পতি প্ৰভু ভগৱন্ত। এহেন্তেসে শ্ৰেষ্ঠ অগ্ৰমান্য অবিহন্ত || জগত প্ৰসিদ্ধ এন্তে সৰ্ব্বদেৱময়। ইহাক পূজিলে জগতৰে পূজা হয়॥ দেশ কাল ক্ৰতু মন্ত্ৰ তন্ত্ৰ ধন অগনি আহুতি পাত্ৰ ঋত্বিজ জ্ঞান সাংখ্যযোগে ধৰ্ম্ম কৰ্ম্ম যত। সমস্ত। সমস্তৰ। কেশৱেসে পৰমাৰ্থ আত্মা জগতৰ। পৰম। অনাদি অনন্ত এক ঈশ্বৰ জগততে দ্বিতীয় নাহিকে যাক সম॥ জনম মৰণ একো নাহিকে যাহৰি। জগত জনক কৃষ্ণ পুৰুষতো সৰি॥