সমললৈ যাওক

পৃষ্ঠা:ৰাজসূয় কাব্য.pdf/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

( 10 ) বেদত পাৰ্গত ব্ৰহ্মনিষ্ট সৰ্ব্বদাই। লোকপাল সবো পূজা কৰে যাক পাই॥ যাক পূজা কৰিলে অনন্তগুণ ফল। কেনে মান্য যোগ্য নুহি ইহাৰা সকল॥ পুৰন্দৰ আদি দিকপালগণ যত। কেনে মান্যবিহ আৰা নুহি সমাজত || ইত্যাদি ৫৯৭-৬১৮ (৩) ভক্তি:- হুইয়া সাৱধান পুত্ৰ আদি কৰি বঢ়াইয়া বংশ সন্ততি। দুখত সুখত লাভ অলাভত কৰিবা সমান ৰতি॥ দেহত গেহত হৈবা উদাসীন তেজিবাছা অহম্মম। আহ্মাতেসে মাত্ৰ কৰিবাহা ৰতি ধৰিয়া ব্ৰত নিয়ম॥ সুদৃঢ় বিশ্বাসে আহ্মাত সদায় কৰিবা মন নিবেশ। অন্তকালে গৈয়। সমস্তে সাক্ষাত আহ্মাতে হুইবা প্ৰবেশ॥৪২৯-৪৩0 মূল :—এই পুথিৰ মূল মহাভাৰত নহয়, শ্ৰীমদ্ভাগৱতহে (দশমস্কন্ধ, ৬৯-৭৪ অধ্যা।) মহাভাগৱত পদ সাক্ষাতে অমৃত। আনো শাস্ত্ৰমত কিছো কৰিবো মিশ্ৰিত॥