সমললৈ যাওক

পৃষ্ঠা:ৰাজসূয় কাব্য.pdf/৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পৰিচয় এই ৰাজসূয় গ্ৰন্থ এখন উৎকৃষ্ট কাব্য। মহাপুৰুষ শঙ্কৰদেৱৰ ৰুক্মিণী হৰণ কাব্যৰ লগত হে ইয়াৰ তুলনা হয়। ৰচোঁত৷ মহাপুৰুষ মাধৱদেৱ : - গুৰুৰ চৰণে মনে কৰি নমস্কাৰ। মাধৱে ৰচিলা কৃষ্ণ চৰিত্ৰ পয়াৰ॥ চৰিত্ৰতো এই কাব্যৰ উল্লেখ আছে। গ্ৰন্থৰ বিষয়-বস্তু :- যেন মতে কৃষ্ণে ভকতিত বশ্য হুই। যুধিষ্ঠিৰ ৰাজাৰ কৰাইলা ৰাজসূয়॥ জবাসন্ধ বধ সাধি নিজ প্ৰয়োজন। ভক্ত ৰাজা সমস্তক কৰাইলা মোচন॥ লক্ষেক নৃপতি জিনি একখান কৰি। সভা মধ্যে শিশুপাল ৰাজাক সংহৰি || যিমতে কৰাইলা অৱভূথ অভিষেক। সিসৱ কথাৰ পদ ৰচিবো প্ৰত্যেক॥৫৬ উদ্দেশ্য :-ধৰ্ম্মমত অৰ্থাৎ (১) “কৃষ্ণস্তু ভগৱান্ স্বয়ম্”। অৰ্থাৎ পূৰ্ণাৱতাৰ শ্ৰীকৃষ্ণৰ নিৰতিশয় মাহাত্ম্য, (২) একেশ্বৰবাদ বা “আন দেৱ-দেৱী নকৰিবা সেৱ” মত আৰু (৩) অব্যভিচাৰী ভক্তি প্ৰচাৰ কৰাই এই গ্ৰন্থৰ মুখ্য উদ্দেশ্য। যেনে, শ্ৰীকৃষ্ণঃ—