80 ৰাজসূয় পাৱৰ প্ৰহাৰে মহী কৰে দল দোপ। ভয়ঙ্কৰ নাদে ঘোৰ কৰয় আটোপ! কৰে হড় হড় ৰথ চক্ৰৰ সম্বাদ। বাৰিষা কালৰ যেন মেঘে কৰে নাদ॥১৯৫ উপৰে সাৰথি বীৰ কাছে কাছি আছে। হাতে শৰ চাপ ধৰি চলে আগে পাচে॥ বায়ুকে। জিনয় বেগে যতেক যোটক। যেন মুখ মেলি পিবে খোজে আকাশক॥১৯৬ হ্ৰেষণি শৱদে আতি কৰ্ণে হানে তাল। আক্ৰান্তে ৰাহুতে সমে কৰয় আফাল || গদভৰ চিহৰণী মিলয় তৰাস। অসংখ্যাত উট চলে লঙ্ঘিয়া আকাশ॥১৯৭ পদাতি কটকে হাতে খাণ্ডা বাৰু ধৰি। পৰম আটোপে চলে আফটি কৰি॥ মাৰে বাৰু ছাট হাতে লুফিয়া খাণ্ডাক ি কৰি দেৱ ডাফি আতি গৰ্ব্বে ছাড়ে ডাক॥১৯৮ চিহ্ন ধ্বজ দণ্ড গাহুল বোম্বাল। তুলি তুলি নচুৱাৱে কৰয় আফাল॥ চল চল দশো দিশে কৰয় যঞ্জাল। গিৰি গিৰি পয়োভৰে যাই ভূমি চাল॥১৯৯ কম্পে চৰাচৰ যত দিগজ সকল। সুৰাসুৰ নাগত লাগিল টল বল IP কৃষ্ণৰ পয়ান দেখি মিলিল তৰাস। অনন্ত কম্পন্ত কৰ্ম্মে তেজন্ত নিশ্বাস || ২০০ সাগৰ খলকি তীৰ প্ৰলম্পিল জ্বলে। পসিল পাতাল মৎস্য মকৰ সকলে॥
পৃষ্ঠা:ৰাজসূয় কাব্য.pdf/৫০
অৱয়ব