৩৯ ৰাজসূয় অমৃত কোটিতে৷ কৰি দেখি জুৰাই মন। ৰূপে কোটি কন্দৰ্পৰো দৰ্প কৰে ছন্ন॥ ১৮৮ গহীন গম্ভীৰ কোটি সমুদ্ৰতোধিক। বিলাসে . জিনন্ত প্ৰভু মহেন্দ্ৰ কোটিক। ধৱল চামৰ দুই পাশত উপাসে। দুই ৰাজ হংস যেন মেঘৰ দুই পাশে॥১৮৯ হেন দিব্য ৰূপে দেৱ দৈৱকী নন্দন। শুভ সুমঙ্গলে প্ৰভু কৰিলা গমন॥ হয় হস্তী ৰথ পত্তি অসংখ্য প্ৰমাণ। চতুৰঙ্গ সেনা সাজি ধৰিল৷ যোগান। ১৯০ আতি ভয়ঙ্কৰ মাধৱৰ সেনাবল। সাক্ষাতে দেখিৰ যেন সাগৰ সচল॥ অসংখ্য কটকে জল ভৈল সাগৰৰ হস্তী ঘোঁৰা উটে ভৈল কুম্ভীৰ মগৰ॥১৯১ চলে চমৎকাৰে দিব্য ৰথ অসংখ্যাত। দেখি যেন সাগৰৰ আৱৰ্ত্ত সাক্ষাত॥ মৃদঙ্গ গোমুখ শঙ্খ বাৱে ঢাক ঢোল। চতুভিতি বেঢ়ি ঘোৰ প্ৰজা কৰে ৰোল।১৯২ দশো দিশ আকাশক শবদে পূৰিল। যেন সাগৰৰ ঘোৰ উৰ্ম্মি উথলিল॥ কৰিল প্ৰকাশ ভয়ঙ্কৰ সেনাগণে। ধ্বজ দণ্ড অস্ত্ৰ শস্ত্ৰ বস্ত্ৰ আভৰণে॥১৯৩ বিতোপন ছত্ৰ চৰ্ম্ম ধৱল চামৰে। যেন আদিত্যৰ ৰশ্মি দিন শোভা কৰে॥ চলে যূথে যূথে হস্তীচয় ময়মত্ত। মদ বিন্দু পড়ি পঙ্ক হোৱে পন্থ যত॥১৯৪
পৃষ্ঠা:ৰাজসূয় কাব্য.pdf/৪৯
অৱয়ব