ৰাজসূয় ৪১ লাগিল উচ্ছঙ্ক দিকপাল সমস্তত। মাধৱৰ পয়ানত কম্পে ত্ৰিজগত॥২০১ হস্তী ঘোঁৰা ৰথ উট মেঠন মহিষে। সাগৰ সঙ্কাশ সেনা চলে সহবিষে॥ পাৱৰ বেগত ধূলা উঝৰি সকল। দশোদিশ ব্যাপি গৈল গগণ মণ্ডল || ২০২ মেঘে যেন ঢাকি ৰবি ৰশ্মি ভৈল ছন্ন। দিনতে আন্ধাৰ যেন অনে বৰিষণ॥ খাল বাম গিৰি নদী সৰি হুইয়া যাই। কতো কতো নদী মানে নামত্তে শুখাই ||২০৩ সাহুৰিয়া পাৰ হোৱে আগুৱান যৈত। পাছৰ কটকে পাইলে ধূল৷ উড়ে তৈত॥ হেন চমৎকাৰে চলি যান্ত দামোদৰ। মহা পাৰিছেদে যান্ত যতেক কুমাৰ॥২০৪ কৃষ্ণৰ সমান ৰূপে পৰম সুন্দৰ। দিব্য বস্ত্ৰে অলঙ্কাৰে জ্বলে কলেৱৰ || হয় হস্তী ৰথে কতো কতো নযানে। ছত্ৰ চামৰ আদি অনেক যোগানে॥২০৫ কৃষ্ণৰ সমান জ্বলে সমস্তৰ কায়া। চিনিতে নপাৰি যেন 'দৰ্পণৰ ছায়া॥ ষোড়শ সহস্ৰ অষ্টাধিক একশত। ৰুক্মিণী প্ৰমুখ্য কৰি মহিষী সমস্ত॥২০৬ দিব্য বস্ত্ৰ অলঙ্কাৰে মণ্ডিত সকলে। ৰত্নে বিৰচিত মুকুতাৰ মালা গলে॥ মুকুট কুণ্ডল জেঠি মুঠি হেমহাৰ। পিন্ধিয়া আছন্ত বহু বিধ অলঙ্কাৰ॥২০৭
পৃষ্ঠা:ৰাজসূয় কাব্য.pdf/৫১
অৱয়ব