সমললৈ যাওক

পৃষ্ঠা:ৰাজসূয় কাব্য.pdf/৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সম্পাদকৰ নিবেদন মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱৰ “ৰাজসূয়” (কাব্য) অতি মূল্যবান দুষ্প্ৰাপ্য গ্ৰন্থ 1 আজি ৬৭ বছৰে অনুসন্ধান কৰি শ্ৰীশ্ৰীকমলা- বাৰী সত্ৰৰ শ্ৰীযুত ধৰ্মেশ্বৰ হাজৰিকা নামলগোৱা মহাশয়ৰ যত্নত সংগ্ৰহ কৰোৱা হয়। পুথিখনৰ কিছুমান পাত জৰাজীৰ্ণ আছিল। আমি কোনোমতে পাঠ উদ্ধাৰ কৰি ছপা কৰিলোঁ। দ্বিতীয় পুথি নাপাই পাঠ মিলাব পৰা নহ'ল। পুথিখনৰ মাজে মাজে দুই এটা শব্দৰ আমাৰ আশঙ্কা আছে; এই অমূল্য সম্পদটো বক্ষা হওক বুলিয়েই “শ্ৰীমদ্ভাগৱত ভঁৰালৰ” পৰা ইয়াক প্ৰকাশ কৰোৱা হ'ল। ভৱিষ্যতে আৰু এখন পুথি পালে ভালদৰে সম্পাদন কৰিব পৰা হব। ভাষাতত্ত্বৰ ওজা শ্ৰদ্ধাস্পদ ৰায় বাহাদুৰ শ্ৰীযুত কালিৰাম মেধি ডাঙৰীয়াই “ৰাজসূয়” ছপ৷ কৰোৱা শুনি আনন্দ লাভ কৰে আৰু ইয়াত যোগ কৰিবলৈ তেখেতে ৰুগ্ন শৰীৰে গ্ৰন্থৰ “পৰিচয়” লিখি দি আমাক সহায় কৰিছে। এইবাবে এইখিনিতে তেখেতৰ শলাগ স্বীকাৰ কৰিলোঁ। নলবাৰী শঙ্কৰাব্দ ৪৯৮ বিনীত— শ্ৰীহৰিনাৰায়ণ দত্তবৰুৱা'