সমললৈ যাওক

পৃষ্ঠা:ৰাজসূয় কাব্য.pdf/৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ৰাজসূয় পাণ্ডুনৃপতিবো মহা হৌক সদগতি। পাণ্ডৱক অনুকম্পা কবিও সম্প্ৰতি॥১১৮ তোহ্মাৰ প্ৰসাদে মোত নাহি অবিদিত। ব্ৰহ্মা আদি কৰি সমস্তৰে জানে৷ চিত্ত। যত দেৱগণ সিদ্ধ গন্ধৰ্ব্ব চাৰণ। নৰ নাগ মুনি মহা মহা ৰাজাগণ॥১১৯ নিৰন্তৰে যুধিষ্ঠিৰ ৰাজাৰ যজ্ঞত। তোহ্মাক দেখিতে লাগি আসিব সমস্ত || বুলিবা মানুষ মঞি দৈবকী নন্দন। মোক কিয় দেখিতে আসিব দেৱগণ॥১২০ আমাৰেসে দেৱক দেখিতে যোগ্য হয়। ইহাৰ উত্তৰ শুনিয়োক কৃপাময়॥ নুহিকা মানুষ ব্ৰহ্মময় কলেবৰ। চিদানন্দ মূৰ্ত্তি যত জগত ঈশ্বৰ॥১২১ যিটো শৰীৰৰ গুণ শ্ৰৱণ কীৰ্ত্তনে। পৰম পৱিত্ৰ হোৱে মহা ম্লেচ্চগণে॥ তোহ্মাত সাক্ষাত যিটো দেখিল নয়নে। তাহাৰ ভাগ্যক আৰ বৰ্ণাইব কেমনে॥১২২ তোহ্মাৰ নিৰ্ম্মল যশ পৰম মঙ্গল। স্বৰ্গ মৰ্ত্য পাতালকে৷ ব্যাপিল সকল। দশো দিশ ব্যাপি যশে ঢাকিল ধৰণী। ভকতৰ মহাধন যেন চিন্তামণি॥১২৩ এহি চৰণতে গঙ্গা হুইয়া উতপতি। তিনিও জগত কৰে পৱিত্ৰ সম্প্ৰতি॥ স্বৰ্গে মন্দাকিনী পাতালত ভগৱতী। পৃথিৱীত পৰম প্ৰখ্যাত ভাগীৰথী॥১২৪