সমললৈ যাওক

পৃষ্ঠা:ৰাজসূয় কাব্য.pdf/৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২৬ ৰাজসূয় হেন তুমি পাৱে যিটো তোহ্মাক দেখিতে। মিলিল মঙ্গল ভৈল পৰম পৱিত্ৰ॥ কহিলোঁ তোহ্মাত যেন পুছিল৷ আপুনি। এহি বুলি ভৈলা পাছে মৌন মহা মুনি॥১২৫ হেন শুনি পাছে দেৱ দৈবকী নন্দন। সমজ্যাক চাহি হেন বুলিলা বচন || শুন৷ সবে যত যদুৰীৰ নিৰন্তৰ। কৰিয়া যুগুতি মোত কহিও সত্বৰ॥ ১২৬ কিবা আগে পাণ্ডৱ ৰাজাৰ ঠাইক যাওঁ। কিবা শৰণীয়া ৰাজাগণক মেলাওঁ॥ হেন শুনি যদুগণে দিল সমিধান। শুনা দেৱ ইটো হেন কাৰ্য্যৰ বিধান॥১২৭ ৰাজাসকলৰ দূতে দিল আগে জান। পাছেসে নাৰদ আসিয়াছা বিদ্যমান॥ প্ৰথমে শুনিয় যাক তাকে আগকৰি। পাছে শুনিবাৰ কাজ পাচত আচৰি॥ ১২৮ হেন জানি আমি আগে মাৰো জৰাসন্ধ। আহ্মাৰো বিপক্ষ দুৰাচাৰ মহানন্দ॥ বন্দী কৰি আছে তযু ভক্ত ৰাজচিয়। তাসম্বাৰ শুনি আৰে৷ প্ৰাণৰ সংশয়॥১২৯ আউৰ কিবা চাও আসা এতিক্ষণে যাওঁ। জৰাসন্ধ মাৰি ৰাজাগণক মেলাওঁ॥ উড়াই পৰো হেন মন কৰে পিত পিত। লুড়ি পুড়ি আনে৷ তাৰ যত ধন বিত্ত॥১৩০ যুধিষ্ঠিৰ ৰাজাৰ যজ্ঞৰ ঘৰ-কথা।

আছোক এখন তাক পাইবোঁহোঁ সৰ্ব্বথা॥