সমললৈ যাওক

পৃষ্ঠা:ৰাজসূয় কাব্য.pdf/৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

28 ৰাজসূয় মায়ায়ে কৰিল৷ সমস্তৰে বুদ্ধি হত। কৰৈ অহম্মম জড় মিছা শৰীৰত || কৰ্ম্মজৰী বন্দী হুইয়া ফুৰে সংসাৰত। নজানে মোক্ষৰ হেতু জীৱে অজ্ঞানত॥১১২ হেন জীৱ সমস্তক নিস্তাৰিতে মনে। লীলায়ে ধৰাহা অৱতাৰ নাৰায়ণে॥ কৰিয়া প্ৰকাশ নিজ যশ প্ৰদীপক। অজ্ঞান আন্ধাৰ হন্তে নিস্তাৰা জীৱক॥১১৩ তযু গুণ শ্ৰৱণ কীৰ্ত্তন যিটো কৰে। অপ্ৰয়াসে সংসাৰ নিস্তৰে সিটো নৰে॥ হেন হৰি প্ৰশ্ন তুমি কৰাহা আমাত। তথাপিতো যেন জানে৷ কহিবোঁ তোহ্মাত॥১১৪ হে পৰ ব্ৰহ্ম নৰ লোক বিড়ম্বন। আসি আছোঁ মঞি এহি কাৰ্য্যে নাৰায়ণ॥ যুধিষ্ঠিৰ ৰাজাৰ শুনিও প্ৰয়োজন। তোহ্মাক অচিতে তান হুইয়া আছে মন॥১১৫. ময়ে সাজি দিল দিব্য সভা মনোৰম। চতুৰ্দশ ভুবনে নাহিকে যাক সম॥ মঞিও দেখোঁ নাহি হেন সভা বিপৰীত। তাহাতে খোেজন্ত ৰাজা তোহ্মাক অচিত॥১১৬ মোক পঠাইলন্ত আতি বুলিয়া সাদৰি। আমাক কৰন্ত যদি দয়া দেৱ হৰি॥ . তান চৰণৰ অনুগ্ৰহ যেবে পাওঁ। ৰাজসূয় কৰি তাঙ্ক অচিবাক চাওঁ॥ ১১৭ হেন অভিমত কৰি যুধিষ্ঠিৰ ৰায়। আছন্ত জানিয়া কৃষ্ণ হুইয়োক সহায় ||