সমললৈ যাওক

পৃষ্ঠা:ৰহদৈ লিগিৰী.pdf/৯৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৯৪ ৰহদৈ লিগিৰী ৰহদৈ— যদি এখন ৰাজ্য খোজোঁ দিব পাৰিবনে? বাবাজী- তাকো পাৰিম। ৰহদৈ— যদি মই হীৰাৰ এধাৰ সাতসেৰী হাড় খোজোঁ তাকো দিব পাৰিবনে? বাবাজী— মা! তাকো পাৰিম। তই নাজান— তোৰ কৃপাত বামাচাৰী তান্ত্ৰিকৰ কিমান ক্ষমতা! ৰহদৈ— বাৰু বাবা! সাধনাটো কি? মইনো আপোনাক কিদৰে সহায় কৰিম? বাবাজী— মা! মই সাধনাটো তোক ভাঙি-পাতি ক'ব নোৱাৰোঁ। পিছত ম‍ই কাইলৈ গধূলি প্ৰথমতে পঠা এটা বলি দি সেই পঠাৰ প্ৰসাদ খাই তোৰ ঘৰৰ ভিতৰলৈ আহি সাধনটো মাজনিশা কৰিম। তই মাথোন ম‍ই তোক যি কৰিবলৈ কওঁ ওজৰ-আপত্তি নকৰি তাকে কৰিব লাগিব। ৰহদৈ— বাৰু বাবা আপুনি যেতিয়াই মোৰ জীৱন-দাতা তেতিয়াই আপুনি যিহকে কয় তাকে কৰিম, পিছত মই মোৰ মনৰ খুঁহধুঁহিৰ কথা এটা জনাওঁ। বাবাজী— ৰহদৈ— আপুনি কৈছে যে যদি আপোনাৰ মোৰ দ্বাৰা সাধনটো সিদ্ধি হয় তেন্তে আপুনি অষ্টসিদ্ধি সমস্তকে পাব, কিন্তু দুখুনীৰ কি লাভ হ'ব আৰু যদি সাধনটো সিদ্ধি নহয় তেতিয়া আপোনাৰ কি গতি হ'ব দুখুনীৰ কি গতি হ'ব। বাবাজী— মা! মোৰ সাধনটো সিদ্ধি হ'লে তইও সেই সিদ্ধিৰ ভাগ পাবি। দক্ষিণাস্বৰূপে তই যিকে খোজ তাকে দিবলৈ বাধ্য হ'ম। যদি মোৰ সাধনটো সিদ্ধি নহয়, ম‍ই সংযম ৰাখিব নোৱাৰোঁ, তেন্তে মোৰ মাতৃগমনস্বৰূপ পাপ হৈ তোৰ আগতে সেই ঠাইতে গুহ্যদ্বাৰেদি মোৰ প্ৰাণ বহিৰ্গত হ'ব, মই ঘোৰ ৰৌৰব নৰকত পৰিম। তোৰ একো নহয়। তোৰ কোনো পাপ নহ'ব। তই মোৰ মৃত্যুৰ বাবেও ঈশ্বৰৰ ওচৰত, কৃষ্ণৰ ওচৰত দায়ী নহ'বি। কিয়নো সাধনটো মইহে ইচ্ছা কৰি কৰিম। মোৰহে গজটো। হয়। ৰহদৈ— বাবা! এনেকুৱা কঠিন সাধনৰ আৱশ্যক কি? নকৰিলেই দেখোন বাবাজী— কি কৰিম মা! নকৰিলে নহয়। যেতিয়াই এই কঠিন বামাচাৰী মাৰ্গটো লৈ গুৰুৰ আগত প্ৰতিশ্ৰুত হৈ ৰৈছোঁ তেতিয়াই এই সেই সাধনটোও কৰিব লাগিব, তেহেলৈ মা ভাগৱতীয়ে যি কৰে।