সমললৈ যাওক

পৃষ্ঠা:ৰহদৈ লিগিৰী.pdf/৯৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ৰহদৈ লিগিৰী ৯৩ আনি বাচন-বৰ্তন কেডোখৰ ধুই পখালি থ'লে। তাৰ পিছত নিজৰ ৰিহা মেখেলাযোৰ চেপি মেলি দি গধূলি সামৰিলে। নিশা বাবাজীয়ে নিৰ্দেশ কৰি দিয়ামতে ইটো ঘৰত শুলে। সপ্তম অধ্যায় আশ্ৰমত ইয়াৰ পিছদিনাই আগমানন্দ স্বামীয়ে বেলা চাণ্ডিমান যোৱাতে গা ধুই পূজা-আহ্নিক কৰি অলপ কিবা-কিবি খাই-বৈ শ্ৰৱণানন্দক ৰহদৈৰ সম্পৰ্কে কিবা- কিবি কৈ পশ্চিমৰ মিৰিগাঁৱৰ ফালে গ'ল। তাত গৈ আগৰ সাঁচি থোৱা সোণৰ মোহৰ এটা দি মিৰিগাঁৱৰ পৰা তিনিটা পঠা ছাগলী আৰু তিনি টেকেলি মদ অকলে অকলে গৈ গধূলি আশ্ৰম পাই দেৱী ঘৰৰ ভিতৰত পঠা তিনিটা বান্ধি থ'লে আৰু মদৰ টেকেলি তিনটা থ'লে। তাৰ পিছত সেই নিশা সকলোৱে খাই-বৈ উঠাত ৰহদৈয়ে তাইক দিয়া ঘৰটোৰ ভিতৰত শুবলৈ সোমোৱাওতে আগমানন্দ তাইৰ ঘৰৰ ভিতৰত সোমাই তাই ধৰা জুইকুৰাৰ কাষত বহি ক'লে,— “মা, ৰহদৈ! তোক ম‍ই গল কালিয়ে কৈছো যে তই মোক মোৰ এটা কামত সহায় কৰিব লাগে। তইও প্ৰতিশ্ৰুত হৈছ। মা! তই ভয় নকৰিবি। ম‍ই কওঁ শুন। মই এজন ঘোৰ বামাচাৰী তান্ত্ৰিক। মা! এনেকৈ মোৰ ভালেমান বছৰ বয়স হৈছে। মই ভালেমান বছৰ বদৰিকাশ্ৰমত আছিলোঁ। তিব্বতৰ সমস্ত লামাৰ মঠত ম‍ই ফুৰিছোঁ। এই ভাৰতবৰ্ষৰো চাৰিওটা ধাম ফুৰিছোঁ। মোৰ এই দেহটো এৰিবলৈকো মুঠতে আৰু এবছৰ আছে। পিছত মা! এই সকলো সাধনাকে কৰিছোঁ— শব সাধনাদি কৰি এটালোঁ; কিন্তু মোৰ মাথোন একেটা সাধন বাকী আছে। এই সাধনটো কৰিবলৈ নাপালে মোৰ শেষ মুক্তি নহ'ব। এজনী সতী, সাধ্বী, অথচ অক্ষত যোনিৰ অতীব সুন্দৰী বা ৰূপহী গাভৰু নোপোৱাৰ কাৰণেই মই ইমান বছৰে সেই সাধনাটো কৰিব পৰা নাই। পিছত মা! মোৰ আৰাধ্যা ভাগৱতীৰ কৃপাত আজি ইমান বছৰৰ মূৰত তোক পাইছোঁ। তই অতুল ৰূপহী অথচ এই পৰ্যন্ত তোৰ কোনো পুৰুষে সৈতে সংসৰ্গ হোৱা নাই। সেইদেখি তয়েই মোৰ এই সাধনটো কৰোৱাবৰ যোগ্যা। তই যদি কৃপা কৰি কৰাৱ তেন্তে তোৰ এই দীনহীন সন্তানৰ উপকাৰ হয়। আৰু মোৰ এই সাধনটো সিদ্ধ হ'লে তই তাৰ পিছত দক্ষিাস্বৰূপে যিহকে খোজ মই তাকে দিম। জানিবি মা! এইটো সাধন সিদ্ধ হ'লে মোৰ অসাধ্য একোৱে নোহোৱা হ'ব।” ৰহদৈ— বাবা! মই যদি উঠি ফুৰিবলৈ হাতী এটা খোজো দিব পাৰিবনে? বাবাজী— পাৰিম।