সমললৈ যাওক

পৃষ্ঠা:ৰহদৈ লিগিৰী.pdf/৯৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ৰহদৈ লিগিৰী অত্যাচাৰ কৰিব বিচৰাত তুমি তোমাৰ সতীত্ব ৰক্ষা কৰিবলৈ কৃষ্ণৰ নাম লৈ নৈত জাঁপ দিলা। মা! তুমি যে নৈত জাঁপ দি আত্মহত্যা কৰিব বিচাৰিছিলা তোমাৰ পক্ষে আৰু এনেকুৱা অৱস্থাত একো পাপ কাম হোৱা নাই। ম‍ই বুজিছোঁ তুমি পৰম ধাৰ্মিক, কৃষ্ণ প্ৰেমিকা গোপিনী। তেওঁৰ নাম লৈ যেতিয়া পানীত জাঁপ দিছিলা তেতিয়াই তেওঁ তোমাক মৰিব নিদিলে। পানীৰ তলতে তেওঁ হাত পাতি ধৰি তোমাক পানীৰ তলৰ পৰা ওপৰলৈ তুলি দিলে। তেৱেঁ তোমাৰ সৰুকালত শিক্ষা সাঁতোৰা অভ্যাসস্বৰূপে হৈ তোমাক ওপঙাই নৈৰ সোঁতে সোঁতে লৈ আহিল। নৈৰ সোঁত ঠায়ে ঠায়ে পোনে পোনে নগৈ টেৰা-বেঁকা কৰি ইপাৰৰ পৰা সিপাৰলৈ বৈ আকৌ ইপাৰে আহি খুন্দা খাই আকৌ হয়তো অলপ অলপকৈ টেৰা হৈ বয়। এনেকুৱা টেৰা হৈ যোৱা সোঁতে ঈশ্বৰ কৃষ্ণৰ ইচ্ছাত তোমোক আনি দীনহীন ঘাটত চপাই দিলে। মা! কৃষ্ণ নাম বড় মধুৰ। মা! তুমি যেতিয়া জীৱন পালা তেতিয়া তুমি যদি ইচ্ছা কৰা মই তোমাক লৈ গৈ দয়াৰামৰ বাপেকৰ ঘৰতো থৈ আহিব পাৰোঁ— ইচ্ছা কৰা যদি মই নি আকৌ ৰজাকো গতাই দিব পাৰোঁ। কি ইচ্ছা কোৱা।” ৰহদৈ— বাবা! দয়াৰামৰ বাপেকৰ ঘৰলৈ উলটি গ'লে মোৰ জীউটো অনাথিনি হ'ব, মোক ৰূপচিঙে আকৌ দিক্‌দাৰী কৰিব। ৰজাঘৰলৈ গ'লে ৰাণী মা হয়তো মোৰ নিমিত্তে অসুখী হ'ব মোৰ আকৌ হয়তো বেছি দুৰ্গতি হ'ব। সেই দেখি বাবা! ম‍ই কিছুকাল আপোনাৰ এই আশ্ৰমতে থাকি বাবাসকলৰ দাসীবৃত্তি কৰি, পাৰিলে তাৰ লগে লগে এফেৰা কৃষ্ণৰ ৰূপ চিন্তি তেওঁৰ নাম ল'ব খোজোঁ। বাবাই কৃপা কৰি দাসীৰ বাঞ্ছা পূৰণ কৰক। আগমানন্দ— বাৰু মা! সেইদৰেই হওক। তুমি কোনো চিন্তা নকৰিবা ইয়াত তুমি সুখেৰে কাল নিয়াব পাৰিবা। ৰহদৈ— বাবা! মই কৃষ্ণক কেনেকৈ ভাবিব লাগিব কেনেকৈ তেওঁৰ নাম ল'ব লাগিব মোক শিকাই দিবনে? বাবাজী— মা! তোমাক শাস্ত্ৰৰ বিধানে সৈতে কৃষ্ণ চিন্তা, কৃষ্ণ সেৱা, কৃষ্ণনাম শিকাবলৈ হ'লে তুমি মোৰ ওচৰত দীক্ষা ল'ব লাগিব। পিছত মা! তোমাক দীক্ষা দিয়াৰ আগেয়ে মোৰ এফেৰা কৰ্ম আছে সেই কৰ্মফেৰাত মোক সহায় কৰিবানে? ৰহদৈ— বাবা! মোৰ শক্তি থাকিলে মই নিশ্চয় সহায় কৰিম। এই কথা-বতৰাৰ পিছত আগমানন্দ বাবা ওলাই আহিল। দুখুনী ৰহদৈয়ে নিজৰ চুৱাখন উলিয়াই পেলালে। তাৰ পিছত বাবাজী দুজনৰ চুৱা দুখন উলিয়াই