সমললৈ যাওক

পৃষ্ঠা:ৰহদৈ লিগিৰী.pdf/৯৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ৰহদৈ লিগিৰী ৯১ বাবাজী— “মা! তুমি যি কৈছা হওতে সেইটো সঁচা। পিছত মা! তোমাক মই এইটো জনাওঁ যে মই মাতৃ পূজক তান্ত্ৰিক। মোৰ আৰাধ্য দেৱী গোসাঁনী। সেইদেখি মা! মই সংসাৰত সকলো তিৰোতাকে মাতৃস্বৰূপ যেন দেখি মইহে স্ত্ৰী- জাতিটোক সেৱা কৰোঁ। মই কোনো তিৰোতা মানুহৰে সেৱা গ্ৰহণ নকৰোঁ। সি যি কি নহওক ম‍ই মা! তোমাৰ দেহটো বালিৰ চৰত লাগি থকা দেখি তুলি আনি সেৱা-শুশ্ৰূষা কৰিলোঁ। তোমাৰ নাম কি, তুমি থাকা ক'ত, কেনেকৈ পানীত পৰিছিলা মোক ভাঙি-পাতি ক’বানে?” বাবাজীৰ এই কথাত ৰহদৈয়ে (পাঠক অৱশ্যে আপোনাসকলে জানিছে এই মানুহজনী আমাৰ সেই পানৈীত জাঁপ মাৰি পৰা ৰহদৈয়ে) ক’লৈ,— “বাবা! মোৰ নাম ৰহদৈ। মোৰ জন্ম ঠাই সৌ সিপাৰৰ কমলাবাৰী গাঁৱত।” এইদৰে তাইৰ সকলো আদ্যোপান্ত বাবাৰ আগত কৈ এটাই চকুৰ পানী টুকি টুকি শেহত গ'লে,— “বাবা! ম‍ই যে কিয় পানীত নমৰিলোঁ ক'ব নোৱাৰোঁ। জাঁপ মাৰি পৰিছিলোঁ সিপাৰে, ইপাৰে আহি আপোনাৰ আশ্ৰমৰ ওচৰৰ ঘাটতনো কেনেকৈ লাগিলোঁ ম‍ই ক'ব নোৱাৰোঁ। অৱশ্যে মই এই মাত্ৰ ক'ব পাৰোঁ যে মই পানীত জাঁপ মাৰি পৰোতেই ডুবি পানীৰ তললৈ গৈছিলো; কিন্তু সৰহ বেলি পানীৰ তলত নাথাকিলোঁ কিয়নো মই সাঁতোৰ জানো। হয় প্ৰাণৰ মায়াত নহয় অভ্যাসৰ বলতেই ওপৰলৈ ওপঙি উঠিলো আৰু ওপৰত যদিও ম‍ই একপ্ৰকাৰৰ অজ্ঞান তথাপি হাত-ভৰি বোধকৰোঁ অলপ-অচৰপ লাৰিছিলোঁ। মই ইমানকে ক'ব পাৰোঁ, শেহত কিন্তু মোৰ আৰু কোনো জ্ঞান নাছিল। ষষ্ঠ অধ্যায় আশ্ৰমত ৰহদৈৰ সমস্ত বৃত্তান্ত শুনি দীঘলকৈ হুমুনিয়া এটা কাঢ়ি আগমানন্দ স্বামীয়ে ক’লে,— “মা বৃত্তান্তটো দৰাচলতে বৰ দুঃখজনক অথচ শিক্ষাপ্ৰদ। তুমি তোমাৰ প্ৰথম যৌৱনৰ চেনেহৰ দেৱতা দয়াৰামক পাহৰিব নোৱাৰি ৰাণী পদকো তুচ্ছ কৰিলা? কু-চক্ৰান্তী ৰাজমাৱে আৰু লম্পট প্ৰকৃতিৰ ৰূপচিঙে চক্ৰান্ত কৰি তোমাক দয়াৰামৰ পৰা বিচ্ছেদ কৰিলে। মই যিমান দূৰ বুজিছোঁ ৰজাই তোমাক পুৰস্কাৰ দিহে বিদায় দিছিল আৰু দয়াৰামকো মুক্তি দিছিল; কিন্তু ৰাজমাৱে চক্ৰান্ত কৰি ৰজাৰ আদেশৰ লৰচৰ কৰি ভায়েক বৰবৰুৱাৰ হতুৱাই দয়াৰামক নগা পৰ্বতৰ ফাললৈ পঠালে। তুমি ঘৰলৈ গৈ অলপ কেইদিনমানহে মাৰ আৰু ভায়েৰৰ লগত বঞ্চিলা পিছত তোমাৰ মাতৃ আৰু ভাতৃ বিয়োগ হোৱাত তুমি দয়াৰামৰ পিতৃৰ ঘৰতে আশ্ৰয় ল’লাগৈ। তাতো তোমাক পাষণ্ড ৰূপচিঙে সুখেৰে থাকিব নিদি